মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী– এয়া আৰম্ভণিহে

ৰাজস্থানৰ ৰাজধানী জয়পুৰত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে সন্ধিয়া নিৰ্বাচনী জনসভাত উপস্থিত হয়

Dulu Medhi | news18assam
Updated:May 2, 2019, 9:33 AM IST
মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী– এয়া আৰম্ভণিহে
ফাইল ফটো
Dulu Medhi | news18assam
Updated: May 2, 2019, 9:33 AM IST
ৰাজস্থানৰ ৰাজধানী জয়পুৰত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে সন্ধিয়া নিৰ্বাচনী জনসভা সম্বোধন কৰিলে। মাছুদ আজহাৰ সন্দৰ্ভত তেওঁ ক’লে যে এয়া ভাৰতৰ বৃহৎ কূটনৈতিক জয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জয়পুৰত নিৰ্বাচনী জনসভা সম্বোধিত কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক অৱহেলা কৰিব নোৱাৰি। লগতে ক’লে যে ভাৰতে পাকিস্তানত সোমাই সন্ত্ৰাসবাদীক আক্ৰমণ কৰিছে। প্ৰথমে ছাৰ্জিকেল ষ্ট্ৰাইক আৰু পিছত এয়াৰ ষ্ট্ৰাইকেৰে পাকিস্তানত থকা সন্ত্ৰাসবাদীক শেষ কৰিছে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰাক লৈ প্ৰদানমন্ত্ৰী মোদীয়ে ক’লে যে এয়া আৰম্ভণিহে, চাই থাকক আৰু কি হয়।

মানসৰোবৰস্থিত বিটি ৰোড মৈদানত জনসভা সম্বোধিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে যে যদি আৰু কোনোবাই দেশত আক্ৰমণ কৰে আমি সোমাই গৈ মাৰিম। কোনোবাই গুলী চলালে আমিও প্ৰত্যুত্তৰ দিম সেই একেধৰণেৰে। বাজপেয়ী চৰকাৰত ১ মে’ ১৯৯৮ত পৰমাণু পৰীক্ষণ কৰা হৈছিল। লগেত ক’লে যে মনমোহন চৰকাৰ আছিল ৰিম’ট কণ্ট্রল চৰকাৰ।

প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে বিশ্বৰ ভিতৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰা ভাৰত চতুৰ্থখন দেশ। মোদীয়ে ক’লে যে, কংগ্ৰেছে দেশৰ সুৰক্ষা বিপদত পেলাইছে। কংগ্ৰেছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেতিয়াও কঠোৰ হোৱা নাই। ‘সেনাই পূৰ্বেও ছাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে অনুমতি লৈছিল কিন্তু কংগ্ৰেছে সাহস দেখুওৱাব পৰা নাছিল।’– অভিযোগ নৰেন্দ্ৰ মোদীৰ।

মোদীয়ে ক’লে যে বিগত ৫ বছৰত ভাৰতৰ আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি কৰিবলৈ কোনো সুযোগ এৰি দিয়া নাই। মই কথা দিছিলো যে আপুনি ১১ ঘণ্টা কাম কৰিব মই ১২ ঘণ্টা কাম কৰিম। জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত উপস্থিত লোকসকলক সুধিছিলেও যে তেওঁলোকে কথা ৰাখিছে নে নাই?
আৰু চাওক পৰৱৰ্তী বাতৰি