আচৰিত কাণ্ড! স্বামীয়ে এবছৰ ধৰি যৌন সম্পৰ্ক স্থাপন নকৰাৰ অভিযোগত এইবাৰ আৰক্ষীৰ কাষ চাপিল এগৰাকী মহিলা। মহিলাগৰাকীৰ ঘৰ আহমেদাবাদ (Ahmedabad) চহৰৰ গোটা অঞ্চল (Gota Area)ত।
অভিযোগ অনুসৰি, স্বামীয়ে তেওঁক এবছৰ ধৰি যৌন সুখৰ পৰা বঞ্চিত কৰি আহিছে। ২০১৬ চনতে মহিলাগৰাকী বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ২০১৭ চনত স্বামীৰ সৈতে তেওঁ ডুবাইলৈ যাবলগীয়া হৈছিল। আৰু তাৰ পিছৰ পৰাই মহিলাগৰাকীক বিভিন্ন অজুহাত দেখুৱাই যৌন সুখৰ পৰা বঞ্চিত কৰি আহিছে স্বামীয়ে। কেবল ইমানেই নহয়, মহিলাগৰাকী আৰু তেওঁলোকৰ একমাত্ৰ কন্যাক জোৰকৈ সুৰাপান কৰিবলৈও বাধ্য কৰাই আহিছে স্বামীয়ে।
এজাহাৰত উল্লেখ কৰা মতে, স্বামীয়ে তেওঁক প্ৰায়ে শাৰীৰিক নিৰ্যাতন চলায়। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, মহিলাগৰাকীয়ে কৈছিল যে, তেওঁৰ স্বামীয়ে সুৰাপান কৰি প্ৰায়ে হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। আনকি পত্নীকো সুৰাপান কৰিবলৈ বাধ্য কৰে।
মহিলাগৰাকীয়ে দুখ প্ৰকাশ কৰি কৈছিল যে, তেওঁৰ শাৰীৰিক ৰূপক প্ৰায়ে তাচ্ছিল্য কৰাৰ লগতে এবছৰ ধৰি যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰি আহিছে স্বামীয়ে। সেইদৰে ডুবাইৰ পৰা উভতি অহাৰ পিছতে স্বামীয়ে তেওঁক বলপূৰ্বক ভাবে মাকৰ ঘৰত থৈ আহিছিল আৰু গোপনে ডুবাইলৈ পলাই গৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|