‘ৰুমাল খন সৰু হোৱাটোৱেই অপৰাধ হ’ল’, জোখ–মাখ বিভাগে জৰিমনা বিহিলে ৩.৩০ লাখ টকাৰ 

গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগত ৰুমাল বোৱা প্ৰতিষ্ঠানৰ ওপৰত জোখ–মাখ বিভাগে তিনি লাখ টকাৰ জৰিমনা বিহিছে

News18-Assam
Updated:October 18, 2019, 4:24 PM IST
‘ৰুমাল খন সৰু হোৱাটোৱেই অপৰাধ হ’ল’, জোখ–মাখ বিভাগে জৰিমনা বিহিলে ৩.৩০ লাখ টকাৰ 
গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগত ৰুমাল বোৱা প্ৰতিষ্ঠানৰ ওপৰত জোখ–মাখ বিভাগে তিনি লাখ টকাৰ জৰিমনা বিহিছে
News18-Assam
Updated: October 18, 2019, 4:24 PM IST
ৰুমালৰ আকাৰ সৰু হোৱাৰ বাবেই জোখ মাখ বিভাগে তিনি লাখ ত্ৰিশ হাজাৰ টকাৰ জৰিমনা বিহিছে এটা ৰুমাল বোৱা প্ৰতিষ্ঠানক। দৰাচলতে আগ্ৰাস্থিত বেষ্ট প্ৰাইজ’ নামৰ এখন প্ৰতিষ্ঠানৰ পৰা এজন ব্যক্তিয়ে এখন ৰুমাল ক্ৰয় কৰিছিল। ক্ৰয় কৰা ৰুমাল খনত যিটো চাইজ লিখা আছিল, ৰুমালখন সেই চাইজতকৈ তিনি ছেঃ মিঃ সৰু হোৱাৰ বাবে লোকজনে জোখ মাখ বিভাগত বিষয়তো অৱগত কৰে। পিছত বিভাগটোৱে বিপনীখনলৈ গৈ ৰুমালৰ জোখ পৰীক্ষা কৰাৰ পিছতে ৩.৩০ লাখ টকাৰ জৰিমনা বিহে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি