মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»এম্বুলেন্সৰ অভাৱত ব্যক্তিগত বাহনৰ ওপৰতেই পিতৃৰ মৃতদেহ বান্ধি শ্মশানলৈ নিলে পুত্ৰই

এম্বুলেন্সৰ অভাৱত ব্যক্তিগত বাহনৰ ওপৰতেই পিতৃৰ মৃতদেহ বান্ধি শ্মশানলৈ নিলে পুত্ৰই

News18 Assam | News18-Assam
Updated:April 26, 2021, 2:50 PM IST
এম্বুলেন্সৰ অভাৱত ব্যক্তিগত বাহনৰ ওপৰতেই পিতৃৰ মৃতদেহ বান্ধি শ্মশানলৈ নিলে পুত্ৰই
উত্তৰ প্ৰদেশৰ আগ্ৰাত চিকিৎসালয়, অক্সিজেন আৰু এম্বুলেন্সৰ অভাৱ দিনক দিনে বেয়াৰ দিশে ঢাল খাইছে। (ফটো : আৰফি খান)

উত্তৰ প্ৰদেশৰ আগ্ৰাত চিকিৎসালয়, অক্সিজেন আৰু এম্বুলেন্সৰ অভাৱ দিনক দিনে বেয়াৰ দিশে ঢাল খাইছে। (ফটো : আৰফি খান)

  • Share this:
উত্তৰ প্ৰদেশৰ আগ্ৰাত কেৰোণাৰ সংহাৰী ৰূপ অব্যাহত থকাৰ লগতে ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা। আনফালে কেৱল চিকিৎসালয় আৰু অক্সিজেনৰ অভাৱৰ সংকটেই নহয়, এম্বুলেন্সৰ অভাৱৰ সৈতেও যুঁজ দিবলগীয়া হৈছে সাধাৰণ জনতাই। তদুপৰি, কোৰোণা ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত শ্মশান ঘাটত অন্তিম সৎকাৰৰ বাবে অপেক্ষা কৰিব লগা হোৱাৰ দৰে দুখলগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ মাজতে আগ্ৰা চহৰৰ এখন ছবিয়ে সকলোকে আৱেগিক কৰি তোলাৰ লগতে প্ৰশাসনৰ দাবী অসাৰ প্ৰতিপন্ন কৰিছে।

দৰাচলতে পিতৃৰ মৃত্যুৰ পিছতেই মৃতদেহ শ্মশান ঘাটলৈ লৈ যোৱাৰ বাবে এম্বুলেন্স বিচাৰি হাবাথুৰি উপায়ন্তৰ হৈ পৰা পুত্ৰই নিজৰ গাড়ীৰ ওপৰত মৃতদেহ বান্ধি উপস্থিত হয় শ্মশান ঘাটত। যি দেখি আবেগিক হৈ পৰে শ্মশানত উপস্থিত লোকসকলো।

ইপিনে কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে শ্মশানসমূহত কেইবাঘণ্টাজোৰা অপেক্ষা চলি থকাৰ বাবে পিতৃৰ মৃতদেহ গাড়ীত বান্ধি অনা লোকজনো এই সমস্যাৰ সন্মুখীন হৈছিল। পিছৰ পৰ্যায়ত যেতিয়া পিতৃৰ মৃত শৰীৰ সৎকাৰৰ সময় আহিল, সেই সময়ত পুত্ৰই পিতৃৰ শৰীৰ গাড়ীৰ চালৰ পৰা নমাই অনা প্ৰক্ৰিয়া দেখি উচুপি উঠিছিল উপস্থিত সকলো।

লক্ষ্যণীয় যে, কোৰোণাৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰা চহৰৰ তালিকাত উত্তৰ প্ৰদেশৰ আগ্ৰাও এখন। য'ত প্ৰতিদিনে ভয়ংকৰ হাৰৰত কোভিড আক্ৰান্ত হোৱাৰ লগতে দৈনিক মৃত্যু হৈছে ভিন্নজনৰ। চহৰখনত প্ৰতিদিনে ৬০০ৰো অধিক লোক কোৰোণাত আক্ৰান্তৰ খবৰ পোহৰলৈ অহাৰ লগতে বিগত ৯ দিনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৫ গৰাকীতকৈও অধিক লোকৰ৷ ফলত চহৰখনৰ চিকিৎসাৰ দিশটো অতি দুৰ্বল হৈ পৰাৰ লগতে এম্বুলেন্সৰ নাটনি হোৱাত মৃতদেহ কঢ়িয়াবলৈ ৬ ঘণ্টা অপেক্ষা কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷

ইপিনে আগ্ৰাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ৰোগীক ভৰ্তি নকৰা হৈছে যদিও আনফালে ৰাজ্যখনৰ মেইনপুৰী, ফিৰোজাবাদ আৰু মথুৰাৰ পৰা সংকটজনক অৱস্থাত ৰোগীক প্ৰেৰণ কৰি থকা হৈছে চহৰখনলৈ৷
Published by: Sanjay Kumar Das
First published: April 26, 2021, 2:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি