জন্মৰ ১৪ দিনতে Black Fungusত সংক্ৰমিত হ'ল নৱজাতক, নাছিল কোৰোণাৰ লক্ষণ! অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসকে

News18 Assam | News18-Assam
Updated:June 8, 2021, 3:16 PM IST
জন্মৰ ১৪ দিনতে Black Fungusত সংক্ৰমিত হ'ল নৱজাতক, নাছিল কোৰোণাৰ লক্ষণ! অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসকে
প্ৰতীকী ফটো

শিশুটিৰ দেহত কোভিডৰ কোনো লক্ষণ নাছিল। অস্ত্ৰোপচাৰৰ পিছত শিশুটি বিপদমুক্ত হৈছে আৰু বৰ্তমান আইচিইউত চিকিৎসকৰ তত্বাৱধানত আছে।

  • Share this:
কোৰোণা মহামাৰীৰ বিভীষিকাৰ মাজতে আন এক নতুন প্ৰত্যাহ্বান হিচাপে উদ্ভৱ হোৱা ব্লেক ফাংগাছৰ (Black Fungus) ঘটনাও ক্ৰমাগতভাৱে দেশত পোৱা গৈছে। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ সৰোজনী নাইডু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকসকলে ব্লেক ফাংগাছৰ দ্বাৰা আক্ৰান্ত এগৰাকী কন্যা নৱজাতকৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ১৪ দিনীয়া নৱজাতকটি ব্লেক ফাংগাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। ইএনটি বিভাগৰ মুৰব্বী ড০ অখিলেশ প্ৰতাপ সিঙে কয়, ১৪ দিনীয়া কন্যা নৱজাতক সন্তানটিক শনিবাৰে সন্ধিয়া গালত ক'লা চিহ্ন আৰু ফোঁহা থকা অৱস্থাত ভৰ্তি কৰোৱা হৈছিল। তেওঁ উল্লেখ কৰে যে সোমবাৰে সন্ধিয়া শিশুটিক অস্ত্ৰোপচাৰৰ দ্বাৰা ব্লেক ফাংগাছৰ সংক্ৰমণ পৰা উদ্ধাৰ কৰা হৈছিল।

অৱশ্যে, শিশুটিৰ দেহত কোভিডৰ কোনো লক্ষণ নাছিল। অস্ত্ৰোপচাৰৰ পিছত শিশুটি বিপদমুক্ত হৈছে আৰু বৰ্তমান আইচিইউত চিকিৎসকৰ তত্বাৱধানত আছে। উল্লেখ্য যে, বৰ্তমানলৈকে আগ্ৰাৰ সৰোজনী নাইডু চিকিৎসা মহাবিদ্যালয়ত ব্লেক ফাংগাছৰ ফলত এজন ৰোগীৰ মৃত্যু হৈছে, আনহাতে প্ৰায় ৩২ জন ৰোগী চিকিৎসাধীন হৈ আছে।

প্ৰায় প্ৰতিটো অংগকে প্ৰভাৱিত কৰে -

চিকিৎসকৰ ভাষাত ইয়াক কেণ্ডিডা বুলি কোৱা হয়, যি তেজৰ জৰিয়তে শৰীৰৰ প্ৰতিটো অংশকে প্ৰভাৱিত কৰে। ই নখ, ছাল, পাকস্থলী, বৃক্ক, মগজু, ব্যক্তিগত অংগ আৰু মুখৰ লগতে হাওঁফাওঁকো সংক্ৰমিত কৰিব পাৰে। অৱশ্যে, এই ফাংগাছৰ দ্বাৰা প্ৰভাৱিত ৰোগীসকল কোভিডৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে বুলিও কোনো কথা নাই। অৱশ্যে, হাওঁফাওঁৰ ওপৰত হোৱা প্ৰভাৱৰ ফলত তেওঁলোকৰ লক্ষণবোৰ কোৰোণা আক্ৰান্ত ৰোগীৰ সৈতে প্ৰায় একে হয়, যেনে উশাহ-নিশাহ কষ্ট পোৱা বা বুকুৰ বিষ।

সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ -

সংক্ৰমণে শৰীৰৰ গাঁঠিসমূহতো প্ৰভাৱ পেলোৱাৰ ফলত বিষ হ'ব পাৰে। যেতিয়া ই মগজুত উপনীত হয় তেতিয়া চিন্তা কৰাৰ সামৰ্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। ৰোগীয়ে সোনকালে সিদ্ধান্ত ল'বলৈ অক্ষম আৰু কথা ক'বলৈ অসুবিধা হয়। লগতে তীব্ৰ মূৰৰ বিষৰ লগতে বমি হ'ব পাৰে। ছাললৈ তেজৰ জৰিয়তে বিয়পি যোৱাৰ ফলত সৰু সৰু ফোঁহা হ'ব পাৰে, যি সাধাৰণতে বিষ অথবা বেদনাহীন হয়। এয়াই ব্লেক ফাংগাছ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি