• Home
  • »
  • News
  • »
  • nation
  • »
  • Agnipath|Agniveer: অগ্নিবীৰসকলৰ বাবে চৰকাৰে ঘোষণা কৰিলে কেইবাটাও সমৰ্থন ব্যৱস্থা

Agnipath|Agniveer: অগ্নিবীৰসকলৰ বাবে চৰকাৰে ঘোষণা কৰিলে কেইবাটাও সমৰ্থন ব্যৱস্থা

প্ৰথম বৰ্ষৰ বাবে অগ্নিবীৰ নিযুক্তিৰ বাবে ২১ বছৰৰ পৰা ২৩ বছৰলৈ ২ বছৰ বয়সৰ উৰ্দ্ধসীমাত শিথিলতা।

প্ৰথম বৰ্ষৰ বাবে অগ্নিবীৰ নিযুক্তিৰ বাবে ২১ বছৰৰ পৰা ২৩ বছৰলৈ ২ বছৰ বয়সৰ উৰ্দ্ধসীমাত শিথিলতা।

প্ৰথম বৰ্ষৰ বাবে অগ্নিবীৰ নিযুক্তিৰ বাবে ২১ বছৰৰ পৰা ২৩ বছৰলৈ ২ বছৰ বয়সৰ উৰ্দ্ধসীমাত শিথিলতা।

  • Share this:
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ হোৱাৰ মাজতে অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে কেইবাটাও সমৰ্থন ব্যৱস্থা। অগ্নিবীৰ প্ৰত্যাশীসকলৰ আশংকা দূৰ কৰাৰ লক্ষ্যৰে আৰু জেশৰ নিবনুৱাসকলক আশ্বস্ত কৰাৰ বাবে এইসমূহ ঘোষণা কৰিলে কেন্দ্ৰই। চৰকাৰে কৰা ঘোষণাসমূহ এইধৰণৰ-

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ক’ষ্ট গাৰ্ড আৰু প্ৰতিৰক্ষা পিএছইউ (Coast Guard and Defence PSUs)ত ১০ শতাংশ পদ অগ্নিবীৰ (Agniveer)ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত HAL, BEL, BEML, BDL, GRSE, GSL, HSL, MDL, Midhani, AVNL,AWEIL,MIL,YIL, GIL, IOL, TCL আদি প্ৰতিৰক্ষা পিএছইউত নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা কৰিব।

প্ৰথম বৰ্ষৰ বাবে অগ্নিবীৰ নিযুক্তিৰ বাবে ২১ বছৰৰ পৰা ২৩ বছৰলৈ ২ বছৰ বয়সৰ উৰ্দ্ধসীমাত শিথিলতা।

অগ্নিবীৰৰ বাবে CAPF আৰু Assam Riflesত নিযুক্তিৰ বাবে ১০ শতাংশ খালী পদ সংৰক্ষণ কৰিব গৃহ মন্ত্ৰণালয়ে।

ৰাজ্য চৰকাৰে ৰাজ্যিক আৰক্ষী নিযুক্তিত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছে।

CAPF আৰু আছাম ৰাইফলছ (Assam Rifles)ত নিযুক্তিৰ বাবে নিৰ্ধাৰিত উচ্চ বয়সৰ সীমাৰ বাহিৰলৈ তিনি বছৰ বয়সৰ শিথিলতা প্ৰদান কৰিব এম.এইচ.এ

ভাৰতীয় নৌসেনা (Indian Navy)ৰ পৰা অগ্নিবীৰসকলৰ বাবে মাৰ্চেণ্ট নেভিত নিয়োগৰ সুযোগ, ইনডাকচনৰ বাবে ছটা সেৱা পথ ঘোষণা।

নেচনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিঙে (National Institute of Open Schooling) দশম উত্তীৰ্ণ অগ্নিবীৰসকলৰ বাবে কাষ্টমাইজড পাঠ্যক্ৰম আৰম্ভ কৰাৰ লগতে দ্বাদশ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ লাভ কৰাত সহায় কৰিব।

অগ্নিবীৰসকলে লাভ কৰা ইন-চাৰ্ভিচ প্ৰশিক্ষণক স্নাতক ডিগ্ৰী লাভৰ বাবে ক্ৰেডিট হিচাপে স্বীকৃতি দিব শিক্ষা মন্ত্ৰণালয়ে।

Agniveersৰ বাবে IGNOUৰ দ্বাৰা কাষ্টমাইজড ডিগ্ৰী পাঠ্যক্ৰম যাতে তেওঁলোকে অসামৰিক কেৰিয়াৰ গঢ়ি তুলিব পাৰে।

অগ্নিবীৰসকলে সেৱাত থকাৰ সময়ত স্কিল ইণ্ডিয়াৰ প্ৰমাণপত্ৰ (Skill India certification) লাভ কৰিব যাতে তেওঁলোকক উদ্যোগীকৰণ আৰু অসামৰিক চাকৰিৰ ক্ষেত্ৰত সুযোগ লাভ কৰাত সহায় কৰিব পাৰে।

ৰাজহুৱা খণ্ডৰ বেংক, বীমা কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে উপযুক্ত ঋণৰ জৰিয়তে অগ্নিবীৰক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

কৰ্পৰেট হাউছসমূহে অগ্নিপথ আঁচনি (Agnipath scheme)ক আদৰণি জনাইছে, অগ্নিবীৰসকলক তেওঁলোকৰ সেৱা সম্পূৰ্ণ কৰাৰ পিছত নিযুক্তি দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি