মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»পুনৰ মিজোৰামৰ সাংসদৰ বিস্ফোৰক মন্তব্য, অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধভাৱে দখলৰ অভিযোগ

পুনৰ মিজোৰামৰ সাংসদৰ বিস্ফোৰক মন্তব্য, অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধভাৱে দখলৰ অভিযোগ

News18 Assam | News18-Assam
Updated:August 5, 2021, 9:20 AM IST
পুনৰ মিজোৰামৰ সাংসদৰ বিস্ফোৰক মন্তব্য, অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধভাৱে দখলৰ অভিযোগ
K Vanlalvena, MP, Mizoram

তেওঁ কয় – অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী প্ৰব্ৰজনকাৰীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। যিহেতু অসমত ঠাই নাই সেয়ে তেওঁ মিজোৰামৰ মাটিত সোমাব বিচাৰিছে।

  • Share this:
পুনৰ মিজোৰামৰ সাংসদৰ বিস্ফোৰক মন্তব্য। অসমে মিজোৰামৰ ৫০৯ বৰ্গ মাইল ভূমি অবৈধভাৱে দখলৰ অভিযোগ। এই অভিযোগ MNFৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ। দিল্লীৰ চপা সংবাদ মাধ্যমত এই মন্তব্য সাংসদ গৰাকীৰ।

সাংসদ গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। অসম পুলিচে মিজোৰামৰ ভূমিত আকস্মিক আক্ৰমণ কৰি থকাৰ অভিযোগ উত্থাপন সাংসদ গৰাকীৰ। এয়া নতুন মুখ্যমন্ত্ৰীৰ আগ্ৰাসনৰ পৰিকল্পনাৰ অংশ বুলিও মন্তব্য ভানলালভেনাৰ।

তেওঁ কয় – অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী প্ৰব্ৰজনকাৰীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। যিহেতু অসমত ঠাই নাই সেয়ে তেওঁ মিজোৰামৰ মাটিত সোমাব বিচাৰিছে।

উল্লেখযোগ্য যে সাংসদজনৰ বিৰুদ্ধে ২৬ জুলাইৰ ৰক্তাক্ত সংঘাতৰ পিছত বিতৰ্কিত মন্তব্য কৰাৰ কাৰণে অসম পুলিচে গোচৰ ৰুজু কৰিছিল। পিছত এই গোচৰ প্ৰত্যাহাৰ কৰা হৈছিল।আজি দুজন অসম চৰকাৰৰ মন্ত্ৰী শান্তিৰ বার্তা লৈ মিজোৰামলৈ উৰা মাৰিব।
Published by: Sanjay Kumar Das
First published: August 5, 2021, 9:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি