প্ৰচলিত নিৰিখৰ সৈতে সংগতি ৰাখি কল আৰু ডাটা সেৱাৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰিব ৰিলায়েন্স জিঅ’ই

News18-Assam
Updated:November 19, 2019, 8:47 PM IST
প্ৰচলিত নিৰিখৰ সৈতে সংগতি ৰাখি কল আৰু ডাটা সেৱাৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰিব ৰিলায়েন্স জিঅ’ই
সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে চৰকাৰ তথা ট্ৰাই–এ বিচাৰিলে দাম বৃদ্ধি কৰা হ’ব। 

সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে চৰকাৰ তথা ট্ৰাই–এ বিচাৰিলে দাম বৃদ্ধি কৰা হ’ব। 

  • Share this:
মুম্বাই: ম’বাইল ফোন কল বা ডাটাৰ নিৰিখ বৃদ্ধি কৰিবলৈ আগবাঢ়িছে ৰিলায়েন্স জিঅ’ই। মঙলবাৰে সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে আগন্তুক কেইটামান সপ্তাহৰ ভিতৰতে এই দাম বৃদ্ধি কৰা হ’ব। অৱশ্যে দাম বৃদ্ধি কৰিলেও ডাটা ব্যৱহাৰকাৰীৰ ওপৰত যাতে বিশেষ প্ৰভাৱ নপৰে সেয়া বিবেচনা কৰাৰ আশ্বাস দিছে প্ৰতিষ্ঠানটোৱে।

সংস্থাৰ তৰফৰ পৰা পৰিষ্কাৰকৈ জনোৱা হৈছে যে, চৰকাৰ আৰু ট্ৰাই–এ বিচাৰিলে দাম বৃদ্ধি কৰা হ’ব। অৱশ্যে ইয়াৰ মাজতে ডিজিটেল ইণ্ডিয়াৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকে যাতে সস্তাতে ডাটা সেৱা গ্ৰহণ কৰিব পাৰে তাৰ আশ্বাস দিছে জিঅ’ই।

অন্য ম’বাইল সেৱা প্ৰদানকাৰী সংস্থাসমূহৰ দৰেই দাম বৃদ্ধি কৰিলেও চৰকাৰ আৰু ট্ৰাইৰ নিয়ম পালন কৰিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘোষণা কৰিছে জিঅ’ই। টেলিকম চেক্টৰৰ উন্নতিৰ লগতে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰখাৰ আশ্বাস দিয়া হৈছে। জিঅ’ই কৈছে যে দাম এনেভাৱে বৃদ্ধি কৰা হ’ব যাতে ডাটা সেৱা গ্ৰহণ আৰু ডিজিটেল ইণ্ডিয়াৰ নিৰ্মানত বাধা নাহে।

বিবৃতিত ৰিলায়েন্স জিঅ’ই নিৰিখৰ প্ৰসংগত গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে ২জি সেৱাৰ পৰা ৪জি সেৱালৈ সালসলনি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ডিচেম্বৰ মাহৰ ১তাৰিখৰ পৰা টাৰিফ বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল ভডাফোন–আইডিয়াই। একেধৰণে এয়াৰটেলেও ডিচেম্বৰ মাহৰ পৰা দাম বৃদ্ধি কৰাৰ কথা কৈছিল। সমগ্ৰ বিশ্বৰ ভিতৰত এইমুহূৰ্তত ভাৰততে আটাইতকৈ কম মূল্যত ম’বাইল ডাটা পোৱা হয়। ম’বাইল ডাটাৰ চাহিদাও দিনক দিনে বাঢ়িছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি