২২তাৰিখে নহয় নিৰ্ভয়াৰ অপৰাধীৰ ফাঁচী! জানক কাৰ গাফিলতি? মাতৃৰ তীব্ৰ ক্ষোভ

News18 Assam | News18-Assam
Updated:January 16, 2020, 8:04 AM IST
২২তাৰিখে নহয় নিৰ্ভয়াৰ অপৰাধীৰ ফাঁচী! জানক কাৰ গাফিলতি? মাতৃৰ তীব্ৰ ক্ষোভ
দোষীৰ ফাঁচী দিয়াত বিলম্ব আহি পৰাৰ প্ৰাকক্ষণত ক্ষুব্ধ হৈ পৰিছে নিৰ্ভয়াৰ পৰিয়াল। 

দোষীৰ ফাঁচী দিয়াত বিলম্ব আহি পৰাৰ প্ৰাকক্ষণত ক্ষুব্ধ হৈ পৰিছে নিৰ্ভয়াৰ পৰিয়াল। 

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচী বিলম্ব হোৱাৰ আশংকা দেখা দিছে। দোষীয়ে আকৌ দাখিল কৰা আৱেদনৰ ওপৰত সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰাৰ কাৰণে নিৰ্ভয়াৰ পৰিয়াল ক্ষুব্ধ হৈ উঠিছে। সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপত নিৰ্ভয়াৰ মাতৃয়ে ফাঁচী বিলম্ব হোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মাতৃয়ে কয়, হয় অভিযুক্তৰ অধিবক্তাই ফাঁচী দেৰি হোৱাটো বিচাৰিছে বা আমাৰ গোটেই চিষ্টেমটোৱেই অন্ধ আৰু অপৰাধীক ৰক্ষণা–বেক্ষণ দি আছে। তেওঁ লগতে কয় যে, মই মোৰ ছোৱালীজনীক ন্যায় দিয়াবলৈ ৭বছৰৰ পৰা যুঁজি আছো। সংবাদমাধ্যমক নিৰ্ভয়াৰ মাতৃয়ে কয় যে মোক সোধাৰ সলনি আপোনালোকে চৰকাৰক সোধক যে অভিযুক্তকেইটাক ২২তাৰিখে ফাঁচী দিব নে নিদিয়ে। দিল্লীৰ চৰকাৰৰ কাৰণে ফাঁচী দিয়াত পলম হোৱাৰ অভিযোগ কৰে আশা দেৱীয়ে।

দিল্লী চৰকাৰে নিৰ্ভয়া গেংগৰেপ আৰু হত্যাৰ গোচৰত চাৰিটা দোষীৰ মাজৰ এটা মুকেশ সিঙৰ ক্ষমা প্ৰাৰ্থনা খাৰিজ কৰিবলৈ পৰামৰ্শ দিছে। উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ এটা অভিযুক্ত মুকেশে নিম্ন আদালতে জাৰি কৰা মৃত্যু পৰোৱানা ৰোধ কৰিবলৈ উচ্চ ন্যায়ালয়ত আৱেদন কৰিছে। বুধবাৰে ইয়াৰ শুনানি হয়। দিল্লী চৰকাৰৰ অধিবক্তাই কয় যে, দোষীসকলক ২২তাৰিখে ফাঁচী দিব পৰা নাযাব। উকীলৰ মতে, ক্ষমা প্ৰাৰ্থনা খাৰিজ হোৱাৰ ১৪দিন পিছত ফাঁচী হ’ব। মুকেশৰ আৱেদন প্ৰী–মেচিউৰ আখ্যা দিছে উকীলে। নিম্ন আদালতে নিৰ্ভয়া কাণ্ডৰ দোষী চাৰিওটাক ২২জানুৱাৰীত ফাঁচী দিয়াৰ হুকুম দিছিল। দিল্লী চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা ৰাহুল মেহৰাই কয় যে, ২১জানুৱাৰীত ট্ৰায়েল কৰ্টৰ ওচৰলৈ যোৱা হ’ব। যদি তেতিয়া এই ক্ষমা আৱেদন খাৰিজ হয় তেতিয়াও ছুপ্ৰীম ক’ৰ্টৰ সিদ্ধান্ত অনুসৰি ১৪দিনৰ সময় দিয়া নতুন মৃত্যু পৰোৱানা জাৰি কৰা হ’ব। গতিকে কোনো কাৰণত ২২জানুৱাৰীত মৃত্যু পৰোৱানা বাহাল কৰাটো সম্ভৱ নহ’ব। গতিকে এই ডেথ ৱাৰেণ্ট ৰখাবলৈ কৰা আৱদেন প্ৰী–মেচিউৰ হয়।

দিল্লী হাই ক’ৰ্টত শুনানি গ্ৰহণ কৰা ন্যায়াধীশ মনমোহনে প্ৰশ্ন কৰে যে তিহাৰ জেলৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা দোষীক প্ৰথম নটিচ পঠিয়াওতে ইমান পলম কিয় হ’ল? ন্যায়াধীশে লগতে উনুকিয়াই দিয়ে দোষীয়ে কেনেকৈ সমগ্ৰ ব্যৱস্থাৰ দুৰ্বব্যৱহাৰ কৰিছে, এনেকুৱাত মানুহে ছিষ্টেমৰ ওপৰতে আস্থা হেৰুৱাই পেলাব। ক’ৰ্টে লগতে টিপ্পণী কৰে।

দিল্লী আৰক্ষীয়ে ক’ৰ্টত মুকেশ সিঙৰ ক্ষমা প্ৰাৰ্থনা দাখিল কৰাক লৈ আপত্তি প্ৰদৰ্শন কৰে। আৰক্ষীয়ে দিয়া দলিল অনুসৰি ২০১৭বৰ্ষত ছুপ্ৰীম ক’ৰ্টত দোষীৰ আপীল খাৰিজ কৰা হৈছিল। ২০২০চনত ক্ষমা আৱেদন দাখিল কৰা হৈছে। এই বৃহৎ গেপটো দোষীয়ে জানি–শুনি কৰিলে। জেল মেনুৱেলৰ মতে আপীল খাৰিজ হোৱাৰ পিছত ক্ষমা আৱেদন কৰিবলৈ মুঠ সাত দিনৰ সময় দিয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি