বৈবাহিক সম্পৰ্কত নাই উৎসাহ! বিয়াৰ তিনি বছৰ পিছত স্বামীৰ সত্য গম পাই ক্ষুব্ধ স্ত্ৰী উপস্থিত আৰক্ষী থানাত!

News18 Assam | News18-Assam
Updated:November 16, 2020, 12:14 PM IST
বৈবাহিক সম্পৰ্কত নাই উৎসাহ! বিয়াৰ তিনি বছৰ পিছত স্বামীৰ সত্য গম পাই ক্ষুব্ধ স্ত্ৰী উপস্থিত আৰক্ষী থানাত!
ফাইল ফটো

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনা।

  • News18 Assam
  • Last Updated: November 16, 2020, 12:14 PM IST
  • Share this:
চুৰাটঃ বিয়াৰ তিনি বছৰ পিছত স্বামীৰ সত্য গম পাই হতবাক স্ত্ৰী। স্ত্ৰীয়ে গম পালে যে স্বামী অন্য পুৰুষৰ প্ৰতি আসক্ত। অৰ্থাৎ স্বামী সমকামী। কোনো ভাবেই স্ত্ৰীয়ে ধৰিব পৰা নাছিল যে স্বামী আচলতে সমকামী। পৰিস্থিতিৰ বিষয়ে জ্ঞাত হৈ স্ত্ৰীয়ে থানাত উপস্থিত হৈ ঘটনাটো অৱগত কৰে। গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এই ঘটনা। ২০১৭বৰ্ষত চুৰাটৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় এজন ব্যক্তি। ছোৱালীজনীৰ পিতৃৰ আৰ্থিক অৱস্থা খুব ভাল নাছিল। ফলত বিয়াৰ পিছত শহুৰৰ পৰিয়ালত এদিন কটোৱাৰ পিছতে ছোৱালীজনীক নানা ধৰণৰ অত্যাচাৰ কৰা হয়।

অকথ্য নিৰ্যাতন চলাই ছোৱালীজনীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰতো অস্বীকাৰ কৰে স্বামীয়ে। স্বামীৰ অস্বাভাৱিক আচৰণত সন্দিহান হৈ পৰা স্ত্ৰীয়ে ক্ৰমাৎ তেওঁৰ গতি বিধিৰ ওপৰত ভালকৈ নজৰ দিয়া আৰম্ভ কৰে। অৱশেষত স্বামীৰ ম’বাইল ফোন হাতত পৰাৰ পিছতে স্ত্ৰীৰ মূৰত আকাশ ভাঙি পৰাৰ উপক্ৰম হয়। হোৱাটছএপত অন্য পুৰুষৰ প্ৰতি থকা আসক্তি উদঘাটন হোৱাৰ পিছতে স্ত্ৰীয়ে আৰক্ষী থানাৰ কাষ চাপি ঘটনাৰ বিচাৰ দাবী কৰে। উল্লেখ্য যে, স্ত্ৰীয়ে জনোৱা মতে, স্বামীয়ে ক্ৰমাৎ টকাৰ কাৰণে চাপ দিয়া আৰম্ভ কৰিছিল। শহুৰৰ ঘৰৰ পৰা টকা আনিবলৈ স্ত্ৰীক হেঁচা দিয়া আৰম্ভ কৰিছিল স্বামীয়ে। পিছে স্বামীৰ সত্য পোহৰলৈ অহাৰ পিছতে ঘটনাৰ হিচাপ নিকাচ গণ্ডগোল হৈ পৰিল।
First published: November 16, 2020, 12:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading