প্ৰথমে বলাৎকাৰ, তাৰ পিছত জীৱন্তে জ্বলাই দিলে যুৱতীক

দেহৰ ৬৫ শতাংশ জ্বলি যোৱা যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

news18assam
Updated:June 6, 2019, 11:38 AM IST
প্ৰথমে বলাৎকাৰ, তাৰ পিছত জীৱন্তে জ্বলাই দিলে যুৱতীক
দেহৰ ৬৫ শতাংশ জ্বলি যোৱা যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।
news18assam
Updated: June 6, 2019, 11:38 AM IST
বিহাৰৰ ভাগলপুৰ জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী যুৱতীক বলাৎকাৰ কৰি জীৱন্তে জ্বলাই দিলে এটা লম্পটে। শিৱনাৰায়ণপুৰ থানাৰ অন্তৰ্গত নবটোলিয়াত সংঘটিত হৈছে এই ঘটনা। ভিনিহীয়েকৰ জ্যেষ্ঠ ভাতৃয়ে যুৱতীগৰাকীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লোকজনক।

বুধবাৰে নিশা যুৱতীগৰাকীক বলাৎকাৰ কৰাৰ পিছতে ভিনিহীয়েকৰ জ্যেষ্ঠ ভাতৃয়ে জীৱন্তে জ্বলাই দিয়ে। দেহৰ ৬৫ শতাংশ জ্বলি যোৱা যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি