টিভি উদ্যোগ আৰু বলীউডৰ বাবে পুৱাৰ ভাগতে আহিছিল বেয়া খবৰটো– বিগ বছ ১৩ (Big Boss13) বিজয়ী সিদ্ধাৰ্থ শুক্লা (Sidharth Shukla)ৰ হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু। মাত্ৰ ৪০ বছৰ বয়সতে জীৱন নাটৰ যৱনিকা পৰে সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থ শুক্লাই এইদৰে বিশ্বক হঠাতে বিদায় জনোৱাৰ ফলত তেওঁৰ পৰিয়াল, সহকৰ্মী, টিভি আৰু বলীউডৰ শিল্পীসহ তেওঁৰ অনুৰাগীসকল বিচলিত হৈ পৰিছে।
সিদ্ধাৰ্থ শুক্লা সামাজিক মাধ্যমত অতি সক্ৰিয় আছিল। তেওঁ তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ উপৰি অনুৰাগীসকলৰ সৈতে তেওঁৰ চিন্তা ভাগ–বাটোৱাৰা কৰিছিল। সিদ্ধাৰ্থৰ মৃত্যুৰ পিছত তেওঁৰ এটা টুইট সম্প্ৰতি ভাইৰেল হৈ পৰা দেখা গৈছে। টুইটটোত তেওঁ জীৱনটো চুটি হোৱাৰ বিষয়ে উল্লেখ কৰিছিল। টুইটটোত সিদ্ধাৰ্থই লিখিছিল যে আনে আপোনাৰ বিষয়ে কি কয় বা কি ভাবে সেই বিষয়ে চিন্তা কৰিবলৈ জীৱনটো অতি চুটি।
সিদ্ধাৰ্থৰ এই টুইট সম্প্ৰতি অনুৰাগীসকলে ছ'চিয়েল মিডিয়াতে ভীষণ শ্বেয়াৰ কৰা দেখা গৈছে। বাতৰি অনুসৰি, সিদ্ধাৰ্থৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰ দেহ পৰিয়ালক হস্তান্তৰ কৰা হ'ব কাইলৈ। অভিনেতাজনৰ অৱস্থা হঠাতে অৱনতি হোৱাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ইতিমধ্যে তেওঁ মৃত বুলি ঘোষণা কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।