কোৰোণাই নিথৰুৱা কৰিলে দুটি সন্তানক! কাল কোৰোণাই চকুৰ সন্মুখতে কাঢ়ি নিলে পিতৃ-মাতৃক। শুকুৰবাৰে মাতৃ আৰু যোৱা ২৬ এপ্ৰিলত পিতৃৰ মৃত্যু হৈছিল কোৰোণাত। পিতৃ-মাতৃক হেৰুৱাই দুই সন্তান দুখত হৈ পৰিছিল ম্ৰিয়মান। প্রদর্শন কৰিছিল জীৱন শেষ কৰাৰ অভিপ্ৰায়। দিল্লী আৰক্ষীক এই বিষয়ে টুইটাৰ যোগে অৱগত কৰোৱাত আৰক্ষী তেওঁলোকৰ ঘৰত উপস্থিত হৈ দুয়োটা সন্তানকে উদ্ধাৰ কৰে।
দক্ষিণ দিল্লী আৰক্ষীয়ে জনোৱা মতে, ২০ বছৰীয়া যুৱতী সুনমিতা আৰু তেওঁৰ ভাতৃ অৰুণাভৰ পিতৃ-মাতৃ দুয়োৰে Covid-19ত আক্রান্ত হৈ মৃত্যু হয়। চিত্তৰঞ্জন পার্কত তেওঁলোকৰ ঘৰ। পিতৃ-মাতৃৰ মৃত্যুৰ পিছত দুয়ো ভাগি পৰে আৰু আত্মহত্যা কৰাৰ মনসা প্রদর্শন কৰে। দিল্লী আৰক্ষী এই বিষয়ে অৱগত হোৱাত তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়োকে উদ্ধাৰ কৰে। আৰক্ষীয়ে দুয়োকে থানালৈ লৈ আহে আৰু counsellingৰ ব্যৱস্থা কৰি দিয়ে ।
আৰক্ষীয়ে পৰিয়ালটোৰ গুৰুগ্ৰামত থকা সম্বন্ধীয় লোককো অৱগত কৰে । লগতে গুৱাহাটীৰ তেওঁলোকৰ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে । উল্লেখযোগ্য যে, দুই সন্তানৰ পিতৃ সঞ্জীৱ ফুকনৰ মৃত্যু হৈছিল যোৱা এপিলৰ ২৬ তাৰিখে আৰু মাতৃ মমী ফুকনে আজি শেষ নিশ্বাস ত্যাগ কৰিছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|