CAAৰ পিছত ৰহিংগীয়া শৰনাৰ্থীক দেশৰ পৰা বহিস্কাৰ কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ

News18 Assam | News18-Assam
Updated:January 4, 2020, 1:12 PM IST
CAAৰ পিছত ৰহিংগীয়া শৰনাৰ্থীক দেশৰ পৰা বহিস্কাৰ কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে, যিদিনা সংসদত নাগৰিকত্ব সংশোধনী আইন পাছ হৈছিল, সেইদিনাই জম্মু–কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল আইনখন।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে, যিদিনা সংসদত নাগৰিকত্ব সংশোধনী আইন পাছ হৈছিল, সেইদিনাই জম্মু–কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল আইনখন।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কোনেও এক ইঞ্চি বিচলিত কৰিব নোৱাৰে বুলি বিশেষ মন্তব্য কৰিছিল। সেইসময়তে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ এক বিশেষ মন্তব্যই দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা।



জিতেন্দ্ৰ সিঙে কয় যে, ‘নাগৰিকত্ব সংশোধনী আইনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী কাম হ’ব দেশত শৰনাৰ্থী হিচাপে থকা ৰহিংগীয়া সকলক বহিস্কাৰ কৰা। যাতে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে সেইসকলে নিজকে সুৰক্ষিত কৰিব নোৱাৰে।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘ৰহিংগীয়া শৰনাৰ্থীয়ে পশ্চিমবংগৰ বিভিন্ন অঞ্চলৰ লগতে জম্মু–কাশ্মীৰতো থিতাপি লৈছে। যিদিনা সংসদত নাগৰিকত্ব সংশোধনী আইন পাছ হৈছিল, সেইদিনাই জম্মু–কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী কাম হ’ব, সেইসকলক দেশৰ পৰা বহিস্কাৰ কৰা।’
Published by: Himangshu Bhuyan
First published: January 4, 2020, 1:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading