চৰকাৰী কৰ্মচাৰীৰ কাৰণে আন এটা বেয়া খবৰ! DAৰ পিছত এইবাৰ চৰকাৰে এইবিধ ভাট্টাও কৰিব কৰ্তন!

News18 Assam | News18-Assam
Updated:April 27, 2020, 2:29 PM IST
চৰকাৰী কৰ্মচাৰীৰ কাৰণে আন এটা বেয়া খবৰ! DAৰ পিছত এইবাৰ চৰকাৰে এইবিধ ভাট্টাও কৰিব কৰ্তন!
প্ৰতীকী ফটো

যোৱা বৃহস্পতিবাৰে কেন্দ্ৰ চৰকাৰে প্ৰায় ৪৮লাখ কৰ্মচাৰীৰ মৰগীয়া বানচ (DA) ৰখাইছিল। এইবাৰ কোৱা হৈছে যে চৰকাৰে ট্ৰান্সপ’ৰ্ট এলাউন্সো কৰ্তন কৰিব পাৰে। 

  • Share this:
চৰকাৰী কৰ্মচাৰীৰ কাৰণে আন এটা বেয়া খবৰ। কেন্দ্ৰ চৰকাৰে যোৱা বৃহস্পতিবাৰে ৪৮লাখ কৰ্মচাৰীৰ মৰগীয়া বানচ শিথিল কৰাৰ পিছত প্ৰভাৱিত হৈছিল ৫৪লাখ কৰ্মচাৰী আৰু ৬৫লাখ পেন্সনভোগী লোক। ভূতৰ ওপৰত দানহৰ দৰে এইবাৰ ধাৰণা কৰা হৈছে যে চৰকাৰে ট্ৰেভেল এলাউন্সতো কৰ্তন কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এতিয়া এই বিষয়ক লৈয়ে চৰ্চা।

NBT ত প্ৰকাশিত এক খবৰ অনুসৰি বিত্ত মন্ত্ৰালয়ে এজন ডাঙৰ বিষয়াই ইতিমধ্যে এনেধৰণৰ কোনো সিদ্ধান্ত চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰিছে। কিন্তু আন বিষয়াসকলৰ মতে, চৰকাৰে যদি এই কাৰ্য কৰে তেনেহ’লে এটা মাহৰ ভিতৰতে চৰকাৰে প্ৰায় ৩,৫০০ কোটি টকা সঞ্চয় কৰিব পাৰিব। যদি কোনো মাহত দেশৰ সকলো কেন্দ্ৰীয় কৰ্মচাৰী আৰু বিষয়াৰ ট্ৰান্সপ’ৰ্ট এলাউন্স ৰখাই দিয়া হয় তেনেহ’লে দেশৰ প্ৰায় ৩৫০০ কোটি টকা বাচিব।

কেন্দ্ৰ চৰকাৰৰ ডিঅ’পিটি বিভাগৰ বিষয়াৰ মতেও ট্ৰান্সপ’ৰ্ট এলাউন্স পৰৱৰ্তী কৰ্তন হ’ব পাৰে। এই ভাট্টা কৰ্মচাৰীসকলৰ ঘৰৰ পৰা অফিচ আৰু অফিচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। লকডাউনৰ সময়ত বিগত ২৫ মাৰ্চ তাৰিখৰ পৰা কৰ্মচাৰীসকল অফিচলৈ যোৱা নাই। গতিকে এই ভাট্টাৰ ওপৰত তেওঁলোকৰ অধিকাৰ নাই। গতিকে যদিহে এপ্ৰিল মাহত এই ভাট্টা তেওঁলোকে লাভ নকৰে তেনেহ’লে আপত্তি কৰাটো সমীচিন নহয়।

কোৰোণাৰ কাৰণে জুৰুলা হৈ পৰা অৰ্থনীতি সুস্থিৰ কৰিবলৈ DA ৰখাই চৰকাৰে ১৪,৫৯৫কোটি টকা সঞ্চয় কৰাৰ লক্ষ্য স্থিৰ কৰিছিল।
Published by: Tulika Devi
First published: April 27, 2020, 2:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading