নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ৰায়দান কেতিয়া? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা হিংসাৰ অৱসান ঘটাৰ পিছতহে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব বিষয়টোৰ ওপৰত।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ গৰাকীয়ে কয় যে, ‘দেশত বৰ্তমান বেয়া পৰিবেশে বিৰাজ কৰিছে। বৰ্তমান দেশৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ সময়।’ পুণিত ধান্দা নামৰ এজন লোকে এখন লেখ আবেদন দাখিল কৰি CAAক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। লগতে তেওঁ CAA সন্দৰ্ভত একাংশ ছাত্ৰ সংগঠন আৰু সংবাদ মাধ্যমে চলোৱা অপ–প্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আবেদন জনাইছিল।
শুনানি গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আইনখন সাংবিধানিক ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে। মুখ্য ন্যায়াধীশে জনায় যে সংসদে গৃহীত কৰা এখন আইনক সৰ্বোচ্চ ন্যায়ালয়ে কেনেকৈ সাংবিধানিক বুলি কব? লগতে শান্তি বাহাল ৰাখিবলৈ এনেধৰণৰ আবেদনে সহায় নকৰে বুলিও মন্তব্য কৰে ববডেই। দেশ কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, দেশত শান্তি বাহাল থাকিব লাগে বুলি কয় মুখ্য ন্যায়াধীশগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|