চনু সোদৰ পিছত অমিতাভ বচ্চন, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ল’লে বিশেষ উদ্যোগ

News18 Assam | News18-Assam
Updated:May 29, 2020, 8:34 PM IST
চনু সোদৰ পিছত অমিতাভ বচ্চন, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ল’লে বিশেষ উদ্যোগ
প্ৰব্ৰজিত শ্ৰমিকসকল ঘৰলৈ উভতি যাবলৈ ১০ খন বাছৰ ব্যৱস্থা কৰি দিলে বিগ বি অমিতাভ বচ্চনে।

প্ৰব্ৰজিত শ্ৰমিকসকল ঘৰলৈ উভতি যাবলৈ ১০ খন বাছৰ ব্যৱস্থা কৰি দিলে বিগ বি অমিতাভ বচ্চনে।

  • Share this:
প্ৰতিদিনেই দেশত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কোৰোণাক প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ল’ক ডাউনে সৰ্বাধিক ক্ষতি কৰিছে দিন হাজিৰা কৰা শ্ৰমিকসকলক।

পেটৰ তাড়নাত এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছে প্ৰব্ৰজিত শ্ৰমিকসকলে। বহুসময়ত ধনৰ অভাৱত খোজ কাঢ়িয়েই শ্ৰমিক সকল ঘৰলৈ যোৱা দেখিবলৈ পোৱা গৈছে। সেইসময়তে শ্ৰমিকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছিল বলীউদৰ অভিনেতা চনু সোদ। অভিনেতাজনে শ্ৰমিকসকল ঘৰলৈ যাবলৈ নিজা প্ৰচেষ্টাত ব্যৱস্থা কৰি দিছিল বাছৰ। এতিয়া শ্ৰমিকসকলৰ বাবে চনু সোদৰ দৰেই আগবাঢ়ি আহিছে অমিতাভ বচ্চন। প্ৰথম পৰ্যায়ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ১০খন বাছৰ ব্যৱস্থা কৰি দিছে বিগ বিয়ে।




 





View this post on Instagram




 

#AmitabhBachchan sponsors 10 buses for migrants in association with Mahim dargah and Haji Ali dargah About 300 migrants will be sent to the various locations in UP viz. Lucknow, Allahbad, Ghorakhpur and Bhadoi The buses will be provided with food and snacks for the entire journey with water juices etc. The medical kits are also being provided to the migrants incase they may need it in their journey. Hand sanitizer, masks etc are also being provided. Utmost care is being taken about the social distancing and only half the capacity of the bus in Being loaded with the migrants ie each bus will carryj only 25 passengers in a 52 seater bus. #IndiaFightsCorona #friday #migrantworkers #home #journey #india #manavmanglani


A post shared by Manav Manglani (@manav.manglani) on






জানিব পৰা গৈছে যে, অমিতাভ বচ্চনে ব্যৱস্থা কৰি দিয়া বাছৰ সহায়ত ৩০০ শ্ৰমিক উভতি যাব পাৰিব ঘৰলৈ। বাছত ব্যৱহাৰৰ বাবে চেনিটাইজ্যাৰ, খাদ্য সামগ্ৰী, চেন্দেলো যোগান ধৰিছে অমিতাভ বচ্চনে।
First published: May 29, 2020, 8:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading