২৭বছৰ পূৰ্বেই ৩৭০অনুচ্ছেদ আঁতৰোৱাৰ বাবে লৈছিল পণ! ভাইৰেল হ’ল প্ৰধানমন্ত্ৰী মোদীৰ ফটো

এই ছবিখন বলিউড তাৰকা পৰেশ ৰাৱল সহ বিভিন্নজনে ব্যৱহাৰ কৰিছে। ১৯৯২চনৰ ফটো এইখন। সেইসময়ত মোদী আছিল গুজৰাট বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা। 

News18
Updated:August 5, 2019, 5:27 PM IST
২৭বছৰ পূৰ্বেই ৩৭০অনুচ্ছেদ আঁতৰোৱাৰ বাবে লৈছিল পণ! ভাইৰেল হ’ল প্ৰধানমন্ত্ৰী মোদীৰ ফটো
এই ছবিখন বলিউড তাৰকা পৰেশ ৰাৱল সহ বিভিন্নজনে ব্যৱহাৰ কৰিছে। ১৯৯২চনৰ ফটো এইখন। সেইসময়ত মোদী আছিল গুজৰাট বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা। 
News18
Updated: August 5, 2019, 5:27 PM IST
জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ এখন ফটো ভাইৰেল হৈছে। এই বিশেষ ছবিখন টুইটাৰত শ্বেয়াৰ কৰে অভিনেতা পৰেশ ৰাৱলে।

এই ছবিখন শ্বেয়াৰ কৰি পৰেশ ৰাৱলে লিখে, আপোনাক শতকোটি প্ৰণাম। এই ছবিখনত নৰেন্দ্ৰ মোদী যুৱকৰ ৰূপত আৰু তেওঁৰ পিছফালে বেনাৰত ৩৭০অনুচ্ছেদ বিলোপ কৰক, সন্ত্ৰাসবাদ সমাপ্ত কৰক, দেশ বচাওক, চলো কাশ্মীৰ লিখা দেখা পোৱা গৈছে।



এই ছবিখন নিমিষতে ভাইৰেল হয়

১৯৯২চনৰ একতা যাত্ৰাৰ ছবি এইখন

উল্লেখযোগ্য যে ১৯৯২চনত ভাৰতীয় জনতা পাৰ্টীয়ে লাল কৃষ্ণ আদৱানীৰ নেতৃত্বত একতা যাত্ৰা উলিওৱা হৈছিল। তেতিয়া বিজেপিৰ যথেষ্ট সংখ্যক সমৰ্থক কাশ্মীৰত উপস্থিত হৈছিল। ২৬জানুৱাৰী, ১৯৯২চনত লালচৌকত বিজেপি সমৰ্থকসকলে ত্ৰিৰংগা উত্তোলন কৰিছিল। নৰেন্দ্ৰ মোদী তেতিয়া বিজেপিৰ এজন কাৰ্যকৰ্তাহে আছিল। নৰেন্দ্ৰ মোদী ইয়াৰ পিছত ২০০১চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। এই ছবিখন তাৰো ৯বছৰৰ আগৰ। 

 
আৰু চাওক পৰৱৰ্তী বাতৰি