NEWS18ৰ বাতৰিৰ প্ৰভাৱ, ভুৱা ডিগ্ৰীক লৈ তদন্তৰ নিৰ্দেশ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ

এসপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি এনে প্ৰতিষ্ঠান তথা ব্যক্তিক চিনাক্তকৰণৰ নিৰ্দেশ দিয়ে মন্ত্ৰণালয়ে।

News18-Assam
Updated:August 30, 2019, 12:15 PM IST
NEWS18ৰ বাতৰিৰ প্ৰভাৱ, ভুৱা ডিগ্ৰীক লৈ তদন্তৰ নিৰ্দেশ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ
এসপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি এনে প্ৰতিষ্ঠান তথা ব্যক্তিক চিনাক্তকৰণৰ নিৰ্দেশ দিয়ে মন্ত্ৰণালয়ে।
News18-Assam
Updated: August 30, 2019, 12:15 PM IST
বৃহস্পতিবাৰে CNN-News18ত সম্প্ৰচাৰিত এক বাতৰিক লৈ তৎপৰ হৈ পৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়। CNN-News18ৰ এই বাতৰিত শিক্ষা জগতৰ অন্ধকাৰ দিশটো উন্মোচন কৰা হৈছিল। এই প্ৰতিবেদনত এজেণ্টে শ্ৰেণীলৈ নহাকৈ বা নামভৰ্তি নকৰাকৈয়ে ডিগ্ৰী প্ৰদান কৰাৰ অভিযোগ কৰা হৈছিল।

দেশৰ কেইবাস্থানটো চলি থকা এই অনিয়ম পোহৰলৈ আনিছিল CNN-News18–এ। ধনৰ বিনিময়ত এজেণ্টে ভুৱা ডিগ্ৰী প্ৰদানৰ ঘটনা বিস্তৃতভাৱে দেখুওৱা হৈছিল। এই প্ৰতিবেদনৰ পিছতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে UGCক তদন্তৰ বাবে এখন উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ দিছে।

এসপ্তাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি এনে প্ৰতিষ্ঠান তথা ব্যক্তিক চিনাক্তকৰণৰ নিৰ্দেশ দিয়ে মন্ত্ৰণালয়ে। মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালেও টুইটাৰযোগে এই বিষয়টোৰ তদন্তৰ কথা উল্লেখ কৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি