কিছুদিন পূৰ্বে মিজোৰামত অসমৰ এজনী ৪৭ বছৰীয়া মাইকী হাতীৰ মাংসৰে ভোজ খোৱাৰ খবৰে উদ্বিগ্ন কৰিছিল প্ৰকৃতিপ্ৰেমীক। লক্ষ্মী নামৰ অসমৰ হাতীজনীৰ ত্ৰিপুৰাৰ জামপুই পাহাৰৰ সীমান্তৰ পশ্চিম মিজোৰামৰ মামিট জিলাৰ কানমুন ফৰেষ্ট ৰেঞ্জৰ সমীপত কেইদিনমান পূৰ্বে মৃত্যু হৈছিল। জানিব পৰা মতে দক্ষিণ অসমৰ কাছাৰ জিলাৰ সোনাইৰ হাতীৰ গৰাকীয়ে কানমুন ফৰেষ্ট ৰেঞ্জৰ সমীপৰ এগৰাকী কাঠৰ ব্যৱসায়ীক গধূৰ কাঠৰ কুণ্ডা কঢ়িয়াবলৈ লক্ষ্মীক ভাড়াত দিছিল। তাৎপৰ্যপূৰ্ণভাৱে, অসমৰ বন বিভাগে লক্ষ্মীক মিজোৰামলৈ নিয়াৰ বাবে কোনো অনুমতি প্ৰদান কৰা নাছিল। ইয়াৰ পিছতে মৃত হাতীৰ মাংস কাটি ভাগ ভাগ কৰি বৰভোজ খাইছিল মিজোৰামৰ ৰাইজে।
![]()
ফটো উৎসঃইণ্টাৰনেট
এইবাৰ মিজোৰামৰ পিছত নাগালেণ্ডতো ঘটিছে অনুৰূপ ঘটনা। নাগালেণ্ডৰ ঝুনেবুটো জিলাত ভক্ষণ কৰাৰ বাবে এটা হাতীৰ ছাল ছেলাই থকা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰি অনুসৰি, মধ্য নাগালেণ্ডৰ ঝুনেবুটো জিলাৰ লিটামি গাঁৱৰ সমীপৰ এখন জংঘলত এটা হাতী গুলীয়াই হত্যা কৰা হৈছিল। বুধবাৰে এই ঘটনাটো সংঘটিত হৈছিল।বাতৰি অনুসৰি, হাতীটোৰ ছাল ছেলাই পেলোৱা হয় আৰু ইয়াৰ মাংস খাবৰ বাবে গাঁৱবাসীৰ মাজত সমানে বিতৰণ কৰা হয়। আশ্চৰ্যজনকভাৱে, হাতীটোৰ হত্যা সন্দৰ্ভত নাগালেণ্ডৰ বন বিভাগৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।
হাতীটো বনৰীয়া আছিল নে পোহনীয়া আছিল আৰু হাতীটোৰ হত্যাৰ বাবে প্ৰকৃততে কোন জগৰীয়া সেয়া নিশ্চিত হ’ব পৰা নাই।
বাংগালোৰৰ প্ৰসিদ্ধ বন্যপ্ৰাণী অধিকাৰ কৰ্মী সুপৰ্ণা গাংগুলীয়ে দেওবাৰে মিজোৰামত হাতীৰ মাংসৰে ভোজ খোৱা বিষয়টো সন্দৰ্ভত পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ প্ৰজেক্ট এলিফেন্ট ডিভিজনলৈ পত্ৰ লিখিছিল। ৱাইল্ড লাইফ ৰেচকিউ এণ্ড ৰিহেবিলিশ্যন চেন্টাৰৰ সহ-প্ৰতিষ্ঠাপক ট্ৰাষ্টী গাংগুলীয়ে প্ৰজেক্ট এলিফেন্ট ডিভিজনৰ মুৰব্বী নয়েল থমাছক ঘটনা সন্দৰ্ভত তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।
জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহে এনেকৈ দেখুৱাইছে নিৰীহ জীৱৰ ওপৰত নিজৰ শ্ৰেষ্ঠত্ব!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|