পত্নীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থ’লে মৃতদেহ, ক’ত এই জঘন্য ঘটনা?

News18 Assam | News18-Assam
Updated:December 18, 2019, 1:07 PM IST
পত্নীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থ’লে মৃতদেহ, ক’ত এই জঘন্য ঘটনা?
আৰক্ষীয়ে নলাৰ পৰা উদ্ধাৰ কৰে মৃতদেহৰ অৰ্ধদগ্ধ টুকুৰা। আৰক্ষীৰ জেলাৰ নিজৰ ভুল স্বীকাৰ কৰিছে অভিযুক্ত লোকজনে।

আৰক্ষীয়ে নলাৰ পৰা উদ্ধাৰ কৰে মৃতদেহৰ অৰ্ধদগ্ধ টুকুৰা। আৰক্ষীৰ জেলাৰ নিজৰ ভুল স্বীকাৰ কৰিছে অভিযুক্ত লোকজনে।

  • Share this:
মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। এজন লোকে পত্নীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি ভৰাই থ’লে ফ্ৰীজত। প্ৰথমে লোকজনে নিজৰ পত্নীক হত্যা কৰি মৃতদেহটো ফ্ৰীজত লুকুৱাই ৰাখে। তাৰ পিছত টুকুৰাবোৰ এটা এটাকৈ নলাত পেলাই দিছিল। অভিযুক্তই মৃতদেহটোৰ অংশবোৰ জ্বলাই দিয়াৰো চেষ্টা চলাইছিল।

জানিব পৰা মতে, অভিযুক্ত লোকজনৰ নাম সঞ্জয় ৰংগনাথন ছালভে ওৰফে আব্দুল ৰহমান। আৰক্ষীয়ে জনোৱা অনুসৰি, লোকজনে পত্নীক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই ৰাখিছিল। তাৰ পিছত মৃতদেহৰ টুকুৰাবোৰ এটা এটাকৈ নলাত পেলাই আছিল। ৭ দিন ধৰি এইদৰে মৃতদেহৰ টুকুৰাবোৰ ফ্ৰীজত ভৰাই ৰাখিছিল লোকজনে। এই সাতদিন দুই সন্তানৰ সৈতে সেই ঘৰটোতে আছিল লোকজন।

পুৱা দুই সন্তানৰ সৈতে বাল্টিৰে মৃতদেহৰ টুকুৰা নলাত পেলাবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। আৰক্ষীয়ে নলাৰ পৰা উদ্ধাৰ কৰে মৃতদেহৰ অৰ্ধদগ্ধ টুকুৰা। আৰক্ষীৰ জেলাৰ নিজৰ ভুল স্বীকাৰ কৰিছে অভিযুক্ত লোকজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি