বন্ধুৰ সৈতে মিলি প্ৰেমিকাক দলবদ্ধ বলাৎকাৰ, তাৰ পিছত মাতৃৰে মিলি জ্বলাই হত্যা

News18 Assam | News18-Assam
Updated:December 8, 2019, 12:15 PM IST
বন্ধুৰ সৈতে মিলি প্ৰেমিকাক দলবদ্ধ বলাৎকাৰ, তাৰ পিছত মাতৃৰে মিলি জ্বলাই হত্যা
আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত অয় ৰুদ্ৰপালক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত অয় ৰুদ্ৰপালক গ্ৰেপ্তাৰ কৰিছে।

  • Share this:
হায়দৰাবাদ আৰু উন্নাও কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ ত্ৰিপুৰাত সংঘটিত হৈছে আন এক অনুৰূপ ঘটনা। এগৰাকী ১৭ বছৰীয়া কিশোৰীক প্ৰেমিকাই বন্ধু আৰু মাতৃৰ সৈতে মিলি জ্বলাই হত্যা কৰে। দক্ষিণ ত্ৰিপুৰাৰ শান্তিৰবাজাৰত সংঘটিত হৈছে এই জঘন্য ঘটনাটো।

কিশোৰীগৰাকীক জ্বলাই দিয়াৰ পূৰ্বে দুমাহ ধৰি বন্দী কৰি ৰাখিছিল কিশোৰীগৰাকীক। এই সময়ছোৱাত বন্ধু সৈতে মিলি প্ৰেমিকে কেইবাবাৰো দলবদ্ধ বলাৎকাৰ কৰিছিল কিশোৰীগৰাকীক। জ্বলাই দিয়াৰ ফলত দেহৰ ৯০ শতাংশ অগ্নিদগ্ধ কিশোৰীগৰাকীয়ে হাস্পতালত মৃত্যুক আঁকোৱালি লয়। এই ঘটনাৰ পিছতে একাংশ লোকে প্ৰেমিক আৰু মাতৃক আক্ৰমণ কৰে।

আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত অয় ৰুদ্ৰপালক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, ছচিয়েল মিডিয়াৰ জৰিয়তে কিশোৰীগৰাকীৰ সৈতে চিনাকী হৈছিল যুৱকজনৰ। দীপাৱলীৰ সময়ত যুৱকজনে কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ বিয়াৰ প্ৰস্তাৱ দিছিল। তাৰ পিছৰে পৰা কিশোৰীগৰাকী যুৱকজনৰ সৈতে থাকিবলৈ লৈছিল।

কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ, অজয় ৰুদ্ৰপালে কিশোৰীগৰাকীক মুকলি কৰি দিয়াৰ বিনিময়ত দাবী কৰিছিল ৫০ হাজাৰ টকা। কিন্তু পৰিয়ালৰ লোকে ১৭ হাজাৰ টকাহে গোটাব পাৰিছিল। আৰু সেইবাবেই খঙত কিশোৰীগৰাকীক জ্বলাই দিয়ে যুৱকজনে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি