আঙঠি পিন্ধোৱা পৰ্বৰ পিছত বিয়াৰ বাবে অমান্তি যুৱতী, চতুৰ্থ মহলাৰ পৰা জঁপিয়ালে যুৱকে, চাওক ভিডিঅ’

News18-Assam
Updated:September 10, 2019, 11:38 AM IST
আঙঠি পিন্ধোৱা পৰ্বৰ পিছত বিয়াৰ বাবে অমান্তি যুৱতী, চতুৰ্থ মহলাৰ পৰা জঁপিয়ালে যুৱকে, চাওক ভিডিঅ’
আত্মহত্যাৰ বাবে এটা চাৰি মহলীয়া অট্টালিকাৰ ওপৰলৈ উঠি যায় যুৱকজন। স্থানীয় লোকে যুৱকজনক দেখি নামি আহিবলৈ অনুৰোধ জনায় যদিও অমান্তি হয় যুৱকজন।

আত্মহত্যাৰ বাবে এটা চাৰি মহলীয়া অট্টালিকাৰ ওপৰলৈ উঠি যায় যুৱকজন। স্থানীয় লোকে যুৱকজনক দেখি নামি আহিবলৈ অনুৰোধ জনায় যদিও অমান্তি হয় যুৱকজন।

  • News18 Assam
  • Last Updated: September 10, 2019, 11:38 AM IST
  • Share this:
গুজৰাটৰ পালনপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চতুৰ্থ মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ। অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে যুৱকজনৰ। আৰক্ষীৰ মতে, ৱাছনা নামৰ গাঁওখনৰ বাসিন্দা ৰাহুল বাল্মিকী নামৰ যুৱকজনৰ বিয়া ঠিক হৈছিল এগৰাকী যুৱতীৰ সৈতে। কিন্তু আঙঠি পিন্ধোৱা পৰ্বৰ পিছত যুৱতীগৰাকীয়ে বিয়াৰ বাবে অমান্তি হোৱাত দুখতে এইদৰে আত্মহত্যাৰ চেষ্টা চলায় যুৱকজনে। আত্মহত্যাৰ বাবে এটা চাৰি মহলীয়া অট্টালিকাৰ ওপৰলৈ উঠি যায় যুৱকজন। স্থানীয় লোকে যুৱকজনক দেখি নামি আহিবলৈ অনুৰোধ জনায় যদিও অমান্তি হয় যুৱকজন।

পিছত স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ বুজনিৰ পিছতো অট্টালিকাটোৰ পৰা নামি নাহিল যুৱকজন। সকলোৰে অনুৰোধ আওকাণ কৰি চতুৰ্থ মহলাৰ পৰা জাঁপ দিলে যুৱকজনে। কিন্তু তেতিয়ালৈ আৰক্ষী আৰু স্থানীয় লোকে অট্টালিকাৰ তলত এখন ডাঙৰ জাল সাজু কৰিছিল। জাঁপ দিয়া যুৱকজন জালখনত পৰাত কথমপি প্ৰাণৰক্ষা পৰে।

সামান্যভাৱে আহত যুৱকজনক পিছত পৰিয়ালক চমজাই দিয়া হয়। এই ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading