অৱশেষত চিবিআইৰ হাতলৈ গ’ল সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত। বিহাৰ চৰকাৰৰ আর্জি মানি লৈ এই পদক্ষেপ কেন্দ্ৰৰ। যিমানে দিন গৈছে সিমানেই ৰহস্যঘন হৈ পৰিছে সুশান্তৰ মৃত্যুৰ ঘটনা। মুম্বাই আৰক্ষীৰ সৈতে বিহাৰ আৰক্ষীৰ সংঘাত, মুম্বাই আৰক্ষীৰ বিৰুদ্ধে সঠিকভাৱে কাম কৰিবলৈ নিদিয়াৰ অভিযোগ বিহাৰ আৰক্ষীৰ। লগতে ৰিয়া চক্ৰৱৰ্তীৰ সন্দেহজনক গতিবিধি! সকলো মিলি সুশান্তৰ মৃত্যুৰ তদন্ত কোনফালে আগবাঢ়িছে, সেয়া বুজিবলৈ যেন কঠিন হৈ পৰিছে। সকলো দিশ লক্ষ্য কৰি চিবিআই তদন্তৰ অনুমতি দিলে কেন্দ্ৰই। ইয়াৰ পিছতে কিছু আশা দেখিছে সুশান্তৰ পৰিয়ালে। কেৱল পৰিয়ালেই নহয়, চিবিআই তদন্তক লৈ সন্তুষ্ট সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডেও। সুশান্তৰ মৃত্যুৰ পিছত সম্ভৱত আটাইতকৈ চৰ্চালৈ আহিছে অংকিতা আৰু তেওঁলোকৰ প্ৰেম! বিচ্ছেদৰ পিছতো সুশান্তৰ প্ৰতি অংকিতাৰ সন্মান আগৰ দৰেই আছে। সুশান্তৰ মৃত্যুৰ ঘটনাৰ চিবিআই তদন্ত হ’ব, এই খবৰ পোৱাৰ পিছতে অংকিতাই লিখিছে, যিটো দিনলৈ অপেক্ষা কৰিছিলো, অৱশেষত সেই দিনটো আহিছে।
সুশান্তৰ পৰিয়ালৰ সৈতেও অংকিতাৰ ভাল সম্পৰ্ক আছিল। তেওঁলোকৰ বিয়াৰ কথা একপ্ৰকাৰ জানিছিল সিং পৰিয়ালৰ সকলোৱে। অংকিতাই পাটনাত থকা সুশান্তৰ ঘৰলৈও গৈছিল। কিন্তু শেষলৈ সেই সম্পৰ্ক টিকি নাথাকিল যদিও সুশান্তৰ প্ৰতি অংকিতাৰ মনোভাৱ আগৰ দৰেই থাকিল। সুশান্তৰ ভগ্নীৰ সকলো পোষ্টতে কমেণ্ট কৰিছে অংকিতাই।
সুশান্তৰ মৃত্যুক লৈ প্ৰথম অৱস্থাত কোনেও মুখ নুখুলিলেও শেষত ৰিয়াৰ বিৰুদ্ধে অভিযোগ আনিছে অংকিতায়ো। সুশান্তৰ ওপৰত চাপ তৈয়াৰ কৰা হৈছিল আৰু সুশান্তই ৰিয়াৰ সৈতে থকা সম্পৰ্কৰ পৰা ওলাই আহিব বিচাৰিছিল বুলি মন্তব্য কৰিছে অংকিতাই। সেয়েহে সিবিআই তদন্ত দিয়াত নিশ্চিত হৈছে অংকিতা – সত্য এদিন পোহৰলৈ আহিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 05, 2020, 19:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।