Exclusive Interview With FM: দেশৰ অৰ্থ ব্যৱস্থাৰ প্ৰচলিত ধাৰা সলনি হোৱাৰ পথত

News18 Assam | News18-Assam
Updated:February 1, 2020, 7:38 PM IST
Exclusive Interview With FM: দেশৰ অৰ্থ ব্যৱস্থাৰ প্ৰচলিত ধাৰা সলনি হোৱাৰ পথত
আজি সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বিত্তীয় বাজেট

আজি সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বিত্তীয় বাজেট

  • Share this:
আজি সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বিত্তীয় বাজেট। বাজেটত বিত্তমন্ত্ৰীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ দিশত চৰকাৰে লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰে।

বাজেট দাখিল কৰাৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰথমটো Exclusive সাক্ষাত্‍কাৰ। Network18ৰ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে হোৱা সাক্ষাৎকাৰত বিত্তমন্ত্ৰীগৰাকীয়ে কেত বোৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।



বিত্তমন্ত্ৰীৰ কেইটামান মন্তব্য

  • আমি দেশৰ প্ৰতিটো প্ৰান্তৰ, সকলো স্তৰৰ লোককে সামৰি ল’ব বিচাৰিছো। যাতে সকলোৰে সম বিকাশ সম্ভৱ হয়।

  • মই দেশৰ বহুলোকৰ সৈতে কথা পাতি আছো। আৰু অনুভৱ কৰিছো যে, আয়কৰৰ ক্ষেত্ৰত কিছু সালসলনি কৰাৰ প্ৰয়োজনীয়তা আছে।


  • বিনিয়োগকাৰীৰ হাতলৈ যাতে ধন ঘূৰি যায়, সেই দিশত আমি নিশ্চিত হ’ব বিচাৰিছো।

  • সোমবাৰে দেশৰ ষ্টক মাৰ্কেটত যোগাত্মক প্ৰভাৱ পৰিব।

  • নতুন কৰ ব্যৱস্থাৰ ফলত বহুলোকে দিব লগীয়া নহ’ব কৰ। গতিকে আমি বিচাৰো সেই ধনৰাশি সমাজৰ মধ্যবিত্ত শ্ৰেণীলৈ যাওক।

  • দেশৰ অৰ্থনীতি বিকাশৰ বাবে আমি সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ হাতত লৈছো।

  • CAA এখন আইন। আমি আমাৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতি দিছিলো।

  • Tax Charterৰ ক্ষেত্ৰত আমি বিশ্বৰ চতুৰ্থ খন দেশ। আমি কৰদাতাক বিশ্বাস কৰো।

  • জুলাই আৰু ফেব্ৰুৱাৰীৰ ভিতৰত , চৰকাৰে Air India আৰু Concor divestment' ৰ সকলো ধৰণৰ প্ৰাৰম্ভিক কাম শেষ কৰিব।

  • কৰদাতাই আমি কৰা বিশ্বাসক সন্মান কৰক।

  • জুলাইত ভাৰতৰ বিৰুদ্ধে যিসকলে মন্তব্য কৰিছিল, সেয়া এতিয়া নোহোৱা হৈছে। অন্তত মই শুনা নাই।

  • কৃষি আৰু গ্ৰাম্য উন্নয়ণৰ বাবে প্ৰায় ৩ লাখ কোটি টকা আৱণ্টন দিয়া হৈছে।

  • ৬৫ হাজাৰ কোটি টকা infrastructure প্ৰজেক্ট হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

  • ভাৰত পাঁচ ত্ৰিলিয়ন অৰ্থনীতিকৰ দেশ হিচাপে পৰিগণিত হোৱাৰ পথত।

আৰু চাওক
পৰৱৰ্তী বাতৰি