১৯৯১ চনত আজিৰ দিনটোতে (২১মে’) প্রাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক তামিলনাডুৰ শ্ৰীপেৰাম্বোদুৰ নামৰ এক স্থানত শ্ৰীলংকাৰ উগ্ৰপন্থী সংগঠন LTTEৰ মানৱ বোমাই হত্যা কৰিছিল। গান্ধী এখন নিৰ্বাচনী সভাত অংশ ল’বলৈ সেই স্থানলৈ গৈছিল। অতি ওচৰৰ পৰা কঁকালত এডাল বোমা সংলগ্ন বেল্ট পৰিধান কৰি গান্ধীক আত্মঘাতী আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মানৱ বোমাই। এই শক্তিশালী বিস্ফোৰণত গান্ধী তথা মানৱ বোমাৰ শৰীৰৰ ছিগি যোৱা অংশবোৰ ঘটনাস্থলীৰ চাৰিওদিশে সিঁচৰতি হৈ পৰিছিল। এই আক্ৰমণত আন ১৭জন লোকৰ মৃত্যু হৈছিল ।
অৱশ্যে প্ৰাণ ৰক্ষা পৰিছিল এই ৰেলীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা PTIত কৰ্মৰত একমাত্ৰ সাংবাদিকজনৰ। তেওঁ এখন ঔষধৰ দোকানৰ টেলিফোনৰে দিল্লীৰ PTIৰ মুখ্য কাৰ্যালয়লৈ এই বাতৰি প্ৰেৰণ কৰিছিল। PTIৰ wire serviceৰ যোগেদি সমগ্ৰ বিশ্বই এই খবৰ পাইছিল।
ৰাজীৱ গান্ধীৰ শৰীৰৰ অংশসমূহ একত্ৰিত কৰাটো যথেষ্ট কঠিন কাম আছিল। তাতকৈ কঠিন আছিল হত্যাকাৰীক চিনাক্ত কৰাটো। এই দুয়োটা কামত প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল DNA fingerprinting পদ্ধতি। আৰু এই কাম সফল ভাৱে ৰূপায়ণ কৰা ব্যক্তি জন আছিল বিশিষ্ট বিজ্ঞানী লালজী সিং। সিঙৰ অৱদান অবিহনে ৰাজীৱ গান্ধীৰ শৱদেহ অন্তোষ্টিক্ৰিয়াৰ পৰা বঞ্চিত হ’ল হেতেন বুলি বহুজনে ক’ব খোজে। লালজী সিঙে DNA Fingerprinting পদ্ধতিৰে মানৱ বোমা ধন্নুকো চিনাক্ত কৰিছিল ।
কোন এই লালজী সিং ?
দেশ স্বাধীন হোৱা বছৰতেই উত্তৰ প্ৰদেশৰ জৌনপুৰত লালজী সিঙৰ জন্ম হৈছিল। সিং ভাৰতৰ DNA Fingerprinting Technologyৰ পিতৃ-পুৰুষ। তেওঁ Molecular Basis of Sex Determination, forensic science, evolution and migration of human আদি বিষয়ৰো বিশেষজ্ঞ। তেওঁ ১৯৯৫চনত হায়দৰাবাদত Centre for DNA Fingerprinting and Diagnostic প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৯৯চনলৈ এই প্রতিষ্ঠানৰে জড়িত হৈ আছিল। তেওঁ ২০১১ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল । ২০১৭চনৰ ১০ডিচেম্বৰত লালজী সিঙৰ মৃত্যু হয়।
DNA Fingerprinting পদ্ধতিৰে দোষীক নিশ্চিত কৰা আন কেইটামান গোচৰ
ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ উপৰিও দেশত অনা বহু কেইটা High Profile গোচৰত এই পদ্ধতিৰে অপৰাধীক চিনাক্ত কৰা হৈছে । ১৯৯৫চনত কংগ্ৰেছ নেতা সুশীল শৰ্মাই দিল্লীত তেওঁৰ পত্নীক টুকুৰা টুকৰকৈ কাটি তন্দুৰত ভৰাই থৈছিল। এই গোচৰটোত সুশীল শৰ্মা DNA Fingerprintingৰ যোগেদি ধৰা পৰিছিল।
একে বছৰতে সন্ত্ৰাসবাদী সংগঠন বব্বৰ খালছাৰ সদস্য দিলৱাৰ সিঙে আত্মঘাতী আক্ৰমণৰে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী বিয়েণ্ট সিঙক হত্যা কৰিছিল। এই হত্যাৰ ৰহস্যও উদ্ঘাটন হৈছিল সেই পদ্ধতিৰে।