মোদীৰ কেবিনেটত স্থান পাব জ্যোতিৰাদিত্য সিন্ধিয়াই! বিজেপিত যোগদান কৰি ক’লে– মনতো বেয়া, দুখ লাগিছে

News18 Assam | News18-Assam
Updated:September 2, 2020, 10:51 PM IST
মোদীৰ কেবিনেটত স্থান পাব জ্যোতিৰাদিত্য সিন্ধিয়াই! বিজেপিত যোগদান কৰি ক’লে– মনতো বেয়া, দুখ লাগিছে
বিজেপিত যোগদান কৰাৰ পিছত ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাক।

বিজেপিত যোগদান কৰাৰ পিছত ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাক।

  • News18 Assam
  • Last Updated: September 2, 2020, 10:51 PM IST
  • Share this:
কংগ্ৰেছত ধুমুহা! দক্ষ যুৱনেতা, মধ্য প্ৰদেশত শিৱৰাজ সিং চৌহানৰ চৰকাৰ ওফৰাই দীৰ্ঘ বিৰতিৰ মূৰত কংগ্ৰেছ চৰকাৰ ঘূৰাই অনাত মুখ্য ভূমিকা লোৱা জ্যোতিৰাদিত্য সিন্ধিয়াই অৱশেষত কগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই সিন্ধিয়াক দললৈ আদৰণি জনায়।

সিন্ধিয়াৰ বিজেপি গমনে এতিয়া শলঠেকত পেলাইছে মধ্যপ্ৰদেশৰ শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰক। সংখ্যা গৰিষ্ঠতাৰ অভাৱত চৰকাৰ পতন হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ৰাজ্যখনত।

সিন্ধিয়াই বিজেপিত যোগদান কৰাৰ পিছত কি হ’ব?

চৰ্চা চলিছে যে, জ্যোতিৰাদিত্য সিন্ধিয়াক মধ্যপ্ৰদেশৰ পৰা খালী হোৱা ৰাজ্যসভাৰ আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত জ্যোতিৰাদিত্য সিন্ধিয়াক প্ৰদান কৰা হ’ব গুৰুত্বপূৰ্ণ বিভাগত কেন্দ্ৰীয় মন্ত্ৰীৰ পদ।

বিজেপিত যোগদান কৰি কি ক’লে জ্যোতিৰাদিত্যই?

‘মনতো বেয়া, দুখ লাগিছে’– এতিয়া কংগ্ৰেছ দল, আগৰ দৰে হৈ থকা নাই। মধ্যপ্ৰদেশত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সপোন দেখিছিলো। কিন্তু চৰকাৰগঠন হোৱাৰ ১৮ মাহৰ পিছতে মোৰ সপোন ভাঙিছিল।

১৮ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কংগ্ৰেছৰ পৰা কি কি পাইছিল সিন্ধিয়াই?

– ১৭ বছৰ সাংসদ।
– দুবাৰ কেন্দ্ৰীয় মন্ত্ৰী।
–মুখ্য সচেতক।
–ৰাষ্ট্ৰীয় মহা সচিব, উত্তৰ প্ৰদেশৰ প্ৰভাৰী।
– কাৰ্যকমিটীৰ সদস্য।
–নিৰ্বাচনী প্ৰমুখ।
Published by: Himangshu Bhuyan
First published: March 11, 2020, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি