ভাৰত জোড়ো যাত্ৰা শেষ কৰি আন এক অভিযান আৰম্ভ কৰিছে কংগ্ৰেছে ৷ ভাৰত জোড়ো যাত্ৰা শেষ কৰি নতুন অভিযান 'হাথ ছে হাথ জোড়ো' আৰম্ভ কৰি দেশবাসীলৈ পত্ৰ লিখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ ৰাহুল গান্ধীৰ পত্ৰখন হুবহু তুলি ধৰা হ'ল—

মোৰ সহযোগী দেশবাসী, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ লাখ লাখ ভাৰতীয়ই আমাৰ সৈতে খোজত খোজ মিলাই ৩,৫০০ কিঃমিটাৰ পথ পদযাত্ৰাৰে অতিক্ৰম কৰা ঐতিহাসিক 'ভাৰত জোড়ো যাত্ৰা' সম্পূৰ্ণ কৰাৰ পিছত মই এই পত্ৰখন আপোনালোকলৈ লিখিছোঁ ৷ এই যাত্ৰা আছিল মোৰ জীৱনৰ আটাইতকৈ সমৃদ্ধিশালী যাত্ৰা ৷ প্ৰতিগৰাকী ভাৰতীয়ই যাত্ৰাৰ কালত যি মৰম আৰু আত্মীয়তাৰ ধলেৰে আমাক জীপাল কৰি তুলিলে, তাত মই সঁচাকৈয়ে আপ্লুত হৈছোঁ ৷ সমগ্ৰ যাত্ৰাপথত মই আপোনালোকৰ বহু কথা, বহু কাহিনী মনোযোগেৰে শুনিলোঁ ৷ তাৰ মাজেৰে দেশৰ এক স্পষ্ট অৰ্থনৈতিক সংকটৰ ছবি মোৰ চকুৰ আগত ভাহি উঠিল। যুৱক-যুৱতী সকলৰ কৰ্ম-সংস্থাপনহীনতা, সহ্যৰ সীমা চেৰাই যোৱা মূল্যবৃদ্ধি, কৃষিখণ্ডৰ ভয়ংকৰ দুৰ্দশাগ্ৰস্ত অৱস্থা আৰু দেশৰ সম্পদৰাজিৰ ওপৰত কৰ্পৰেট গোষ্ঠীৰ সম্পূৰ্ণ দখল ৷ আমাৰ বহুত্ববাদৰ ধাৰণাও আজি ভাবুকিৰ সন্মুখীন হৈছে ৷ বিভাজনকামী শক্তিসমূহে আমাৰ বৈচিত্ৰক আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ উদ্যত হৈছে। ধৰ্ম, সম্প্রদায়, আঞ্চলিক চিন্তা-চেতনাক ইটোৰ বিৰুদ্ধে সিটোক উচটনি দিয়া হৈছে। মুষ্টিমেয় এই বিভাজনকামী শক্তিসমূহে এটা কথা ভালকৈ জানে যে যেতিয়া মানুহ নিৰাপত্তাহীন আৰু ভয়ার্ত হৈ পৰে তেতিয়াই আনৰ বিৰুদ্ধে ঘৃণাৰ বীজ সিচিবলৈ তেনে লোকক ব্যৱহাৰ কৰাটো সহজ হৈ পৰে। কিন্তু এই যাত্ৰাৰ পিছত মই নিশ্চিত সিদ্ধান্তত উপনীত হৈছো যে এই দুষ্ট অভিসন্ধিৰ এটা সীমা থকা উচিত আৰু ইয়াক সৰহদিন এনেদৰে চলি থাকিবলৈ দিব নোৱাৰি।
এই অপশক্তিবোৰ নিৰ্মূল কৰিবলৈ মই যুঁজিম, ৰাজপথৰ পৰা সংসদলৈকে, প্ৰতিটো দিনেই মই যুঁজিম। মই সকলোৰে বাবে অর্থনৈতিক সমৃদ্ধিৰ আধাৰ সৃষ্টি কৰিবলৈ বদ্ধপৰিকৰ। কৃষকৰ উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য, আমাৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্ম-সংস্থাপন, দেশৰ সম্পদৰ ন্যায্য বিতৰণ, অতি-ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু উদ্যোগী (এম এছ এম ই)ৰ বাবে অনুকূল পৰিৱেশ ৰচনা আৰু সুলভ দৰত ডিজেলৰ মূল্য নিৰূপন, টকাৰ মূল্য ঘূৰাই অনা আৰু ৫০০টকাত একোটা গেছ চিলিণ্ডাৰ সম্ভৱ হ'বই লাগিব।
দেশৰ জনসাধাৰণে আজি উপলব্ধি কৰিছে যে আমি আমাৰ বিচিত্ৰতাক আকোৱালি লৈ কান্ধত কান্ধ মিলাই কাম কৰিব নোৱাৰিলে আমি আমাৰ পূৰ্ণ সম্ভাবনা কাহানিও উপভোগ কৰিব নোৱাৰিম। মোৰ দৃঢ় বিশ্বাস- ভাৰতে ঘৃণাক নাকচ কৰিব। আমি জাতি, ধর্ম, ভাষা, লিংগ, আৰু আন সকলো পাৰ্থক্যৰ উৰ্ধত অৱস্থান কৰিম যিবোৰে সমাজত বিভাজন সৃষ্টি কৰে। আমাৰ মহানতা- আমাৰ বৈচিত্ৰতাত ঐক্য নিহিত হৈ আছে। আপোনালোকৰ প্ৰতিজনলৈ মোৰ বাৰ্তা- ভয় নকৰিব! হৃদয়ৰ পৰা ভয় আঁতৰাই দিয়ক, দেখিব আপোনাৰ ভিতৰৰ পৰা ঘৃণা নাইকিয়া হৈ যাব।
এই যাত্ৰাই আপোনালোকৰ প্ৰতিজনৰ বাবে যুঁজ দিবলৈ মোৰ শক্তিক নতুন মাত্রা দিছে। এয়া এতিয়া মোৰ তপস্যাত পৰিণত হৈছে। মই বুজি পাওঁ যে মোৰ ব্যক্তিগত আৰু ৰাজনৈতিক যাত্ৰা অভিন্ন- কণ্ঠহীনৰ কণ্ঠ হোৱা, দুৰ্বলীৰ অস্ত্ৰ হোৱা, ভাৰতক এন্ধাৰৰ পৰা পোহৰলৈ, ঘৃণাৰ পৰা প্ৰেমলৈ, দুখৰ পৰা সমৃদ্ধিলৈ বাট দেখুৱাই নিয়া এতিয়া মোৰ প্ৰধান লক্ষ্য। এখন অসাধাৰণ সংবিধান উপহাৰ দিয়া মনিষীসকলৰ দৃষ্টিভংগী আৰু মূল্যবোধক মই আগুৱাই লৈ যাম।
কংগ্ৰেছ পৰিয়ালে ১৩৭ বছৰ ধৰি অক্লান্তভাৱে কাম কৰি আহিছে, প্রথমে স্বাধীন হ'বলৈ, তাৰ পিছত ঐক্যবদ্ধ হ'বলৈ আৰু তাৰ পিছত এই দেশখন ন-ৰূপত গঢ়ি তুলিবলৈ। আমি সদায় কঠিন সময়ত দেশখনক একত্রিত কৰি আহিছোঁ। আজি আকৌ আমাৰ দেশখনে, দেশৰ জনতাই নিজকে সংকটৰ গহ্বৰত পৰিছে বুলি অনুভৱ কৰিছে। সেয়ে ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা ঘৰে ঘৰে লৈ যাবলৈকে আমাৰ প্ৰয়াস- হাথ ছে হাথ জোড়ো অভিযান। কংগ্ৰেছে আপোনালৈ হাত আগবঢ়াই দিছে, -আপুনিও হাতখন আগবঢ়াই দিয়ক, কাষ চাপি আহক আৰু একেলগে দেশখনক পুনৰ সোণোৱালী ভাৰতৰ পথলৈ ঘূৰাই আনক য'ত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ সপোন পূৰণৰ সমান সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব।
আপোনালোকৰ মৰমৰ ৰাহুল
Published by: Kokil Sarma
FIRST PUBLISHED : January 27, 2023, 01:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।