পাকিস্তানৰ ধৃষ্টতা ৰুধিবলৈ সীমান্তত এয়াৰ ডিফেন্স ইউনিট স্থাপন কৰিব ভাৰতীয় সেনাই

এই ডিফেন্স ছিষ্টেম জম্মু–কাশ্মীৰ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থানৰ পাকিস্তান সীমান্তত স্থাপন কৰা হ’ব। সেনাৰ সুৰক্ষা কবচৰ দৰে কাম কৰিব এই ছিষ্টেমে।

News18-Assam
Updated:May 14, 2019, 6:43 PM IST
পাকিস্তানৰ ধৃষ্টতা ৰুধিবলৈ সীমান্তত এয়াৰ ডিফেন্স ইউনিট স্থাপন কৰিব ভাৰতীয় সেনাই
এই ডিফেন্স ছিষ্টেম জম্মু–কাশ্মীৰ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থানৰ পাকিস্তান সীমান্তত স্থাপন কৰা হ’ব। সেনাৰ সুৰক্ষা কবচৰ দৰে কাম কৰিব এই ছিষ্টেমে।
News18-Assam
Updated: May 14, 2019, 6:43 PM IST
চোৰাংচোৱা সংস্থাৰ তথ্য আৰু সেনাৰ আভ্যন্তৰীণ পৰ্যবেক্ষণৰ পিছত ভাৰতীয় সেনাই পাকিস্তান সীমান্তত এয়াৰ ডিফেন্স ইউনিট স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত পাকিস্তানৰ ফালৰ পৰা হ’ব পৰা এয়াৰ ষ্ট্ৰাইকলৈ লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে। সেনাৰ এই ডিফেন্স ছিষ্টেম পাকিস্তানৰ সকলো এয়াৰ ষ্ট্ৰাইক ৰোধ কৰিবলৈ সক্ষম।

ভাৰতীয় সেনাৰ সূত্ৰই সংবাদ প্ৰতিষ্ঠান এ এন আইৰ আগত সদৰি কৰিছে যে পাকিস্তান সীমান্তত সেনা আৰু এয়াৰ ডিফেন্স ইউনিট স্থাপন কৰা হ’ব। তথ্য অনুসৰি, এই ডিফেন্স ছিষ্টেম সীমান্তৰ অধিক কাষলৈ নিলে শত্ৰুপক্ষৰ তৰফৰ হ’ব পৰা যিকোনো এয়াৰ ষ্ট্ৰাইক সময় থাকোতেই ৰোধ কৰিব পৰা যাব।

এই ডিফেন্স ছিষ্টেম জম্মু–কাশ্মীৰ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থানৰ পাকিস্তান সীমান্তত স্থাপন কৰা হ’ব। সেনাৰ সুৰক্ষা কবচৰ দৰে কাম কৰিব এই ছিষ্টেমে।

এই ডিফেন্স ছিষ্টেম ভাৰতত নিৰ্মিত আকাশ মিছাইল আৰু ৰাশিয়ন কৱাডাৰ্ট ছিষ্টেমেৰে নিৰ্মাণ কৰা হৈছে। শীঘ্ৰে সেনাই লাভ কৰিব ইজৰাইল আৰু ডি আৰ ডি অ’ৱে মিলি নিৰ্মাণ কৰা MR-SAM ডিফেন্স ছিষ্টেমো। বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় সেনাই।
আৰু চাওক পৰৱৰ্তী বাতৰি