অসমত NRC প্ৰকাশ পোৱাৰ পিছত এতিয়া দিল্লীকো লাগে NRC

দিল্লীত বাস কৰি থকা অবৈধ অনুপ্ৰৱেশকাৰী সকল ৰাজ্যখনৰ বাবে আটাইতকৈ বিপদজনক আখ্যা বিজেপিৰ!

News18-Assam
Updated:August 31, 2019, 4:41 PM IST
অসমত NRC প্ৰকাশ পোৱাৰ পিছত এতিয়া দিল্লীকো লাগে NRC
Source-Google
News18-Assam
Updated: August 31, 2019, 4:41 PM IST
শনিবাৰে ৰাজ্যত প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। ০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। একাংশই NRC খনক আদৰি লৈছে যদিও, আন একাংই প্ৰকাশ পোৱা চূড়ান্ত নাগৰিক পঞ্জী খনক বিদেশীক স্বদেশী কৰাৰ এক আইনীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে।

কিন্তু তাৰ সমান্তৰাল ভাবে এতিয়া অসমত নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ পিছতে দিল্লীয়ে দাবী কৰিলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। দিল্লীৰ বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে , দিল্লীত ক্ৰমাৎ অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰৰ লগতে বিদেশী সমস্যা দিল্লীৰ এতিয়া প্ৰধান সমস্যা বুলি দাবী কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি