অমিতাভ বচ্চনৰ পিছতে কোৰোণাত আক্ৰান্ত পুত্ৰ অভিষেক বচ্চনো

News18 Assam | News18-Assam
Updated:July 12, 2020, 12:35 AM IST
অমিতাভ বচ্চনৰ পিছতে কোৰোণাত আক্ৰান্ত পুত্ৰ অভিষেক বচ্চনো
ইতিমধ্যে অভিনেতাজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ইতিমধ্যে বচ্চন পৰিয়ালৰ সকলো সদস্যৰ লগতে সকলো ষ্টাফৰ টেষ্ট কৰোৱা হৈছে।

ইতিমধ্যে অভিনেতাজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ইতিমধ্যে বচ্চন পৰিয়ালৰ সকলো সদস্যৰ লগতে সকলো ষ্টাফৰ টেষ্ট কৰোৱা হৈছে।

  • Share this:
অমিতাভ বচ্চনৰ পিছতে কোৰোণাত আক্ৰান্ত হৈছে পুত্ৰ অভিষেক বচ্চনো। এই কথা নিজেই টুইটাৰযোগে প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ইতিমধ্যে অভিনেতাজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ইতিমধ্যে বচ্চন পৰিয়ালৰ সকলো সদস্যৰ লগতে সকলো ষ্টাফৰ টেষ্ট কৰোৱা হৈছে।

টুইটাৰযোগে নিজৰ কোৰোণা টেষ্টৰ ফলাফল পজিটিভ অহাৰ কথা সদৰি কৰে মেগাষ্টাৰ অমিতাভ বচ্চনেও। মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় অমিতাভ বচ্চনক। তাৰ পিছতে অভিষেক বচ্চনসহ পৰিয়ালৰ আটাইৰে কোভিড টেষ্ট কৰা হয়। অভিষেক বচ্চনৰ ৰিপ’ৰ্ট পজিটিভ আহে।

নিজৰ কোভিড পজিটিভৰ খবৰ প্ৰকাশ কৰি টুইটাৰত মেগাষ্টাৰ অমিতাভ বচ্চনে লিখিছে – ‘মোৰ কোৰোণা পজিটিভ আহিছে, হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতালে প্ৰশাসনক জনাই আছে। পৰিয়াল আৰু ষ্টাফৰো টেষ্ট কৰা থকা হৈছে, ফলাফল আহিবলৈ বাকী আছে। বিগত ১০ দিনত মোৰ সংস্পৰ্শলৈ অহা সকলোকে অনুৰোধ, সকলোৱে নিজৰ পৰীক্ষা কৰাওক।’

মেগাষ্টাৰ অমিতাভ বচ্চনৰ লগতে অভিষেক বচ্চন কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে বিভিন্নজনে শীঘ্ৰে সুস্থ হৈ অহাৰ কামনা কৰিছে।
Published by: Sanjay Kumar Das
First published: July 11, 2020, 11:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading