২০১৯ চনৰ আগষ্টত ৩৭০ ধাৰা বাতিলৰ পিছত প্ৰথমবাৰলৈ জম্মু–কাশ্মীৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী! দেওবাৰে সাম্বা জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। এই ভ্ৰমণৰ সময়ত মোদীয়ে ২৪ এপ্ৰিলত পালিত ‘পঞ্চায়তীৰাজ দিৱস’ত সমগ্ৰ দেশৰ পঞ্চায়তসমূহক উদ্দেশ্য কৰি ভাষণ দিব।
প্ৰধানমন্ত্ৰী জম্মু আৰু কাশ্মীৰৰ ৩০,০০০জনৰো অধিক পঞ্চায়তীৰাজ ইনষ্টিটিউচন (পিআৰআই) সদস্যসহ এক সমাবেশত ভাষণ দিব। সূত্ৰৰ খবৰ, জম্মুৰ পঞ্চায়ত পল্লীত,, য’ত সমাৱেশ অনুষ্ঠিত হ’ব, তাত কৃষক পঞ্চায়ত আৰু গাঁও প্ৰধানসকলৰ আয় আৰু তেওঁলোকৰ পণ্য উন্নত কৰিবলৈ সক্ষম কিছু সাম্প্ৰতিক উদ্ভাৱন সম্পৰ্কীয় এক প্ৰদৰ্শনীও কৰা হ’ব।
দেওবাৰৰ মূল অনুষ্ঠান আয়োজিত হ’ব জম্মুৰ সাম্বা জিলাৰ পল্লী পঞ্চায়তত, তাত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০,০০০ কোটি টকাৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩,১০০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত বানিহাল কাজিগুণ্ড ৰোড টানেলৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|