• Home
  • »
  • News
  • »
  • nation
  • »
  • অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত কাশ্মীৰক লৈ মোদী চৰকাৰৰ পৰিকল্পনা, সলনি হ’ব কাশ্মীৰৰ ছবি

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত কাশ্মীৰক লৈ মোদী চৰকাৰৰ পৰিকল্পনা, সলনি হ’ব কাশ্মীৰৰ ছবি

কাশ্মীৰ প্ৰশাসনৰ বিষয়া আৰু তাত নিযুক্ত IAS বিষয়াই উন্নয়নমূলক কামৰ সমীক্ষা কৰিব আৰু আঁচনিৰ ক্ষিপ্ৰ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ’ব।

কাশ্মীৰ প্ৰশাসনৰ বিষয়া আৰু তাত নিযুক্ত IAS বিষয়াই উন্নয়নমূলক কামৰ সমীক্ষা কৰিব আৰু আঁচনিৰ ক্ষিপ্ৰ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ’ব।

কাশ্মীৰ প্ৰশাসনৰ বিষয়া আৰু তাত নিযুক্ত IAS বিষয়াই উন্নয়নমূলক কামৰ সমীক্ষা কৰিব আৰু আঁচনিৰ ক্ষিপ্ৰ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ’ব।

  • Share this:
    জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰয়াস চলাইছে মোদী চৰকাৰে। কাশ্মীৰত শান্তি প্ৰতিষ্ঠাৰ বাবে মোদী চৰকাৰে প্ৰস্তুত কৰিছে বৃহৎ পৰিকল্পনা। জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছত মোদী চৰকাৰে কাশ্মীৰত শান্তি প্ৰতিষ্ঠাৰ হকে অহৰহ প্ৰচেষ্টা চলাইছে মোদী চৰকাৰে। এতিয়া মোদী চৰকাৰে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ গ্ৰহণ কৰিব ডাঙৰ পৰিকল্পনা।

    সূত্ৰ অনুসৰি, আগন্তুক দিনত জম্মু–কাশ্মীৰৰ IAS আৰু প্ৰশাসনৰ বিষয়াই অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ লাভৰ বিষয়ে অন্তত ২০টা স্থানীয় পৰিয়ালক অৱসগত কৰাব। ইয়াৰ উপৰি ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিব তাৰ বিষয়েও অৱগত কৰাব পৰিয়ালসমূহক। এই বিষয়ে জনাবলৈ চৰকাৰে টিভি, ৰেডিঅ’ আৰু আন প্ৰচাৰ মাধ্যমৰো সহায় ল’ব।

    ইমানেই নহয়, মানুহক এই বিষয়ে অৱগত কৰোৱাত যিমান গুৰুত্ব দিয়া হ’ব, সিমানেই আঁচনিৰ সফল ৰূপায়ণতো গুৰুত্ব দিয়া হ’ব। ইয়াৰ বাবে কাশ্মীৰ প্ৰশাসনৰ বিষয়া আৰু তাত নিযুক্ত IAS বিষয়াই উন্নয়নমূলক কামৰ সমীক্ষা কৰিব আৰু আঁচনিৰ ক্ষিপ্ৰ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ’ব।

    কাশ্মীৰত উদ্যোগ ক্ষেত্ৰত গতি প্ৰদানৰ বাবে ১২ৰ পৰা ১৪ অক্টোবৰলৈ শ্ৰীনগৰত ইনভেষ্টমেণ্ট ছামিটৰ আয়োজন কৰা হৈছে। এই ছামিটত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক কাশ্মীৰত বিনিয়োগৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব।

    জম্মু–কাশ্মীৰৰ গাঁৱৰ বিকাশো এই পৰিকল্পনাত সামৰি লোৱা হৈছে। কেন্দ্ৰৰ সৈতে মিলি জম্মু–কাশ্মীৰৰ গ্ৰামীণ বিকাশ বিভাগে উন্নয়নমূলক আঁচনিৰ কাম কৰিব। জম্মু–কাশ্মীৰৰ গাঁৱৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৭০০ কোটি টকা আবণ্টন কৰিছে।

    কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত কাশ্মীৰৰ আপেলৰ বাগিচাসমূহ আধুনিক কৰি তোলাৰ বাবে কাম কৰা হ’ব আৰু উৎপাদন বৃদ্ধিৰ বাবে কাম কৰিব। মৌমাখি পালকৰ বাবেও গ্ৰহণ কৰা হৈছে বিশেষ আঁচনি। মাদাৰ ডায়েৰী আৰু আমূলৰ সৈতে আলোচনা কৰি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদানৰ পৰিকল্পনা কৰা হৈছে।

    উজ্জ্বলা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু পেঞ্চন যোজনাৰ দৰে আঁচনিৰ সুবিধা কোনসকল লোকে লাভ কৰা নাই তাৰ তথ্য সংগ্ৰহ কৰি সকলো হিতাধিকাৰীয়ে যাতে এই সুবিধা লাভ কৰে তাৰ ওপৰত কাম কৰা হ’ব। প্ৰতিভা বিকাশৰ বাবে কাশ্মীৰ গট টেলেণ্টৰ দৰে টিভি শ্ব’ আয়োজন কৰাৰো পৰিকল্পনা লোৱা হৈছে।
    First published: