৬মাহৰ পিছতো নাগৰিকত্ব সংশোধনী আইনৰ বিধি নিৰ্ধাৰণ কৰা নাই, নতুনকৈ সময় বিচৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে 

News18 Assam | News18-Assam
Updated:July 21, 2020, 6:28 PM IST
৬মাহৰ পিছতো নাগৰিকত্ব সংশোধনী আইনৰ বিধি নিৰ্ধাৰণ কৰা নাই, নতুনকৈ সময় বিচৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে 
নাগৰিকত্ব সংশোধনী আইন যোৱা বছৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদৰ মজিয়াত গৃহীত হৈছিল । অসম পোনতে এই আইনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্রদর্শন হৈছিল; যি পাছত দেশৰ আন প্ৰান্তলৈ বিয়পিছিল ।  

নাগৰিকত্ব সংশোধনী আইন যোৱা বছৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদৰ মজিয়াত গৃহীত হৈছিল । অসম পোনতে এই আইনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্রদর্শন হৈছিল; যি পাছত দেশৰ আন প্ৰান্তলৈ বিয়পিছিল ।  

  • Share this:
নাগৰিকত্ব সংশোধনী আইনখন প্ৰণয়নৰ পাছত কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় বিধি সমূহ নিৰ্ধাৰণ কৰিবলৈ নিৰ্ধাৰিত ৬ মাহ উকলি যোৱাৰ পাছতো কিন্তু গৃহ মন্ত্ৰণালয়ে পুনৰ সময় বিচাৰি লোৱা কোনো পদক্ষেপ । সংসদীয় নিয়ম অনুসৰি এখন প্ৰণয়ন হোৱা আইনৰ ৰাজ-পত্ৰিত জাননী জাৰি হোৱাৰ পাছত ৬ মাহৰ ভিতৰত আইনখন সম্বন্ধীয় বিধি সমূহ নিৰ্ধাৰণ কৰিব লাগে। নাগৰিকত্ব সংশোধনী আইনৰ বেলিকা এই সময়ৰ অন্ত পৰিছে যোৱা ১৮ জুন তাৰিখে । এই আইন খনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিধি নিৰ্ধাৰণ কৰিব লাগে ।

কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৬ মাহৰ সময়সীমা উকলি যোৱাৰ এমাহ পাছতো পুনৰ ৬ মাহৰ সময় বিচাৰি সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা নাই কোনো ধৰণৰ পত্ৰ । নিয়ম অনুসাৰে Parliamentary Standing Committee on Subordinate Legislationৰ তত্বাৱধানত আইন সমূহৰ বিধি সমূহ সংশ্লিষ্ট মন্ত্ৰণালয়ে প্ৰস্তুত কৰে । এই কমিটি খনৰ অধ্যক্ষ সাংসদ K Raghu Rama Krishna Rajuয়ে ইংৰাজী দৈনিক The Hinduক জনোৱা মতে গৃহ মন্ত্ৰণালয়ৰ পৰা বিধি প্ৰস্তুত কৰাৰ নতুন সময় বিচাৰি কোনো অনুৰোধ অহা নাই; বৰঞ্চ কমিটিয়ে হে Status Report বিচাৰি মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব ।

নাগৰিকত্ব সংশোধনী আইন যোৱা বছৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদৰ মজিয়াত গৃহীত হৈছিল । অসম পোনতে এই আইনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্রদর্শন হৈছিল; যি পাছত দেশৰ আন প্ৰান্তলৈ বিয়পিছিল ।
First published: July 21, 2020, 6:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading