দিল্লীৰ মেহৰৌলিৰ হত্যাকাণ্ডক লৈ পোহৰলৈ আহিছে এটাৰ পিছত আনটো নৃশংস বিৱৰণ। আৰক্ষীৰ দাবী, অভিযুক্ত আফতাব আমিন পুনৱালাই আমেৰিকান ক্ৰাইম শ্ব’ ‘ডেক্সটাৰ’ চাই পৰিকল্পনা কৰিছিল কিদৰে তেওঁৰ লিভ ইন পাৰ্টনাৰ শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিব। তেওঁৰ গুগল ছাৰ্চ হিষ্ট্ৰী চেক কৰি জানিব পৰা গৈছে আৰু অধিক ভয়ংকৰ তথ্য। তাত তেওঁ নিয়মিত জানিব বিচাৰিছিল হিউমেন এনাটমিক লৈ। গুগলৰ বিচাৰিছিল তেজ মচাৰ উপায়। ডেক্সটাৰৰ উপৰি চাইছিল আন ক্ৰাইম ছিৰিজ। আৰক্ষীক তেওঁ জনাইছে যে এনাটমিক লৈ কৰা পঢ়া–শুনাই তেওঁক প্ৰেয়সীৰ দেহ ৩৫ টুকুৰাত খণ্ডিত কৰিছিল!
আৰক্ষীৰ দাবী, ২৮ বছৰীয়া শ্ৰদ্ধাক ৬ মাহ পূৰ্বে নৃশংসভাৱে হত্যা কৰা হয়। তাৰ পিছত তেওঁৰ নিথৰ দেহ ৩৫ টুকুৰা কৰি কাটি পেলাই দিছিল দিল্লীৰ নানা প্ৰান্তত। হত্যাকাণ্ডৰ তদন্ত কৰি অভিযুক্তক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে সোমবাৰে। এটা ডেটিং এপৰ জৰিয়তে বাৰ্তালাপ হৈছিল আফতাব আৰু শ্ৰদ্ধাৰ। প্ৰথমে তেওঁলোকে তিনি বছৰ মুম্বাইত লিভ ইন কৰে। তাৰ পিছত গুচি আহিছিল দিল্লীলৈ। আৰক্ষীক অভিযুক্ত আফতাবে জনাইছে, দিল্লীলৈ অহাৰ পিছত শ্ৰদ্ধাই তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল। তাক লৈ তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। বিগত ১৮ মে’ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। আৰক্ষীৰ দাবী, সেইদিনা আফতাবে শ্বাসৰুদ্ধ কৰি হত্যা কৰে শ্ৰদ্ধাক। তাৰ পিছত প্ৰেয়সীৰ দেহ ৩৫ টুকুৰা কৰে। মৃতদেহৰ টুকুৰাবোৰ ৰখাৰ বাবে এটা ডাঙৰ ৰেফ্ৰিজাৰেটৰ কিনি আনিছিল আফতাবে। গোন্ধ আঁতৰাবলৈ ব্যৱহাৰ কৰিছিল ধূপকাঠি।
আফতাবৰ সৈতে লিভ ইন কৰাৰ সিদ্ধান্তত সন্মতি নাছিল শ্ৰদ্ধাৰ ঘৰৰ মানুহৰ। তেওঁলোকে সামাজিক মাধ্যমৰ পৰা কন্যাৰ আপডেট পাইছিল পৰিয়ালে। কাৰণ আফতাবৰ সৈতে তেওঁৰ সম্পৰ্ক– মানি নোলোৱাত ঘৰৰ লোকৰ সৈতে শ্ৰদ্ধাই বিশেষ যোগাযোগ ৰখা নাছিল। সামাজিক মাধ্যমত বহুদিন শ্ৰদ্ধাৰ অনুপস্থিতিত সন্দেহ হয় ঘৰৰ মানুহৰ। ইয়াৰ পিছতে ক্ৰমশ পোহৰলৈ আহে ভয়াৱহ এই হত্যাকাণ্ড।
তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে জানিব পাৰিছে যে ঘৰৰ জংঘল অঞ্চলত দৈনিক এটাকৈ মৃতদেহৰ টুকুৰা পেলাই আহিছিল আফতাবে। নিশা ২ বজাত ওলাই যায় আফতাব এই পৈশাচিক কীৰ্তিৰ প্ৰমাণ নষ্ট কৰিবলৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|