• Home
  • »
  • News
  • »
  • nation
  • »
  • AFSPA : অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পুনৰ বৃদ্ধি হ'ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সময়সীমা

AFSPA : অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পুনৰ বৃদ্ধি হ'ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সময়সীমা

অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে এই আইন বলবৎ হৈ আছে।

অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে এই আইন বলবৎ হৈ আছে।

অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে এই আইন বলবৎ হৈ আছে।

  • Share this:
অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পুনৰ বৃদ্ধি হ'ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ (AFSPA) ম্যাদ ৷ ১ অক্টোবৰ, ২০২২ৰ পৰা ৬ মাহলৈ পুনৰ অৰুণাচল প্ৰদেশৰ তিনিখন জিলা আৰু নগালেণ্ডৰ ৯খন জিলাত বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ৷

 কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণৰ পিছতে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলাকেইখনত এই আইনৰ সময়সীমা বৃদ্ধি কৰা হয়।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি AFSPA বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা অৰুণাচল প্ৰদেশৰ তিনিখন জিলা ক্ৰমে- টিৰাপ, চাংলাং আৰু লংডিং।

আনহাতে নাগালেণ্ডৰ ডিমাপুৰ, মন, নিউলেণ্ড, কিফিৰে, নক্লাক, পেৰেন, চুমৌকেডিমা, ফেক আৰু জুনহেবোটো জিলাত AFSPAৰ সময়সীমা বৃদ্ধি কৰা হৈছে ৬ মাহলৈ। তদুপৰি নাগালেণ্ডৰ আন চাৰিখন জিলাৰ ১৬খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাতো বলৱৎ থাকিব AFSPA।

উল্লেখ্য যে, ২০২৩ চনৰ ৩০ মাৰ্চলৈকে এই আইন বলবৎ থাকিব। ইতিমধ্যে অসমত AFSPA প্ৰত্যাহাৰ কৰা হৈছে যদিও উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যতে এই আইন বলবৎ হৈ আছে। ইফালে, সশস্ত্ৰ বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা এই আইন বাতিলৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে প্ৰতিবাদকাৰীসকলে।

মন কৰিবলগীয়া যে বিগত বছৰৰ ডিচেম্বৰ মাহত নগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত সেনাৰ গুলীত ১৪ জনকৈ নিৰীহ লোকৰ মৃত্যু হোৱাৰ পাছতে AFSPA প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ হৈছিল পাহাৰীয়া ৰাজ্যখনত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি