সলনি হোৱা নাই তালিবানৰ চৰিত্ৰ, ধৰ্মীয় গোড়ামিৰ বাবে তালিবান এৰিবলৈ সাজু হৈছে আফগানিস্তানৰ শিখসকল।
সলনি হোৱা নাই তালিবানৰ চৰিত্ৰ, ধৰ্মীয় গোড়ামিৰ বাবে তালিবান এৰিবলৈ সাজু হৈছে আফগানিস্তানৰ শিখসকল।
যি সময়ত আফগানিস্তানৰ শাসনাধিষ্ঠ তালিবান চৰকাৰক মান্যতা দিবলৈ আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত চীন আৰু পাকিস্তানে বাৰম্বাৰ চেষ্টা চলাইছে সেই সময়ত তালিবানে নিজৰ কুকৰ্মৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত পুনৰ নিজৰ চৰিত্ৰ উদঙাই দেখুৱাইছে।
পূৰ্বৰ ধৰ্মীয় গোড়ামি এৰি আফগানিস্তানৰ সকলো নাগৰিককে সুৰক্ষা দিয়াৰ কথা ঘোষণা কৰা তালিবানৰ ৰাজত্ব কালত বৰ্তমান চৰম অসুৰক্ষিত হৈ পৰিছে আফগানিস্তানত বাস কৰা অল্পসংখ্যক শিখ, হিন্দু আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোকসকল। শেহতীয়াকৈ আফগানিস্তানৰ সংখ্যালঘূ হিচাপে চিহ্নিত শিখ সম্প্ৰদায়ৰ ওপৰত তালিবানে ব্যাপক নিৰ্যাতন চলোৱাৰ কথা পোহৰলৈ আহিছে। ইতিমধ্যে আফগানিস্থানত নিৰ্যাতনৰ সন্মুখীন হোৱা হিন্দুধৰ্মালম্বী লোকসকল ভাৰতমুখী হোৱাৰ পিছত এতিয়া তালিবানৰ সন্ত্ৰাসত আফগানিস্তান এৰি ভাৰতত আশ্ৰয় বিচাৰিছে ১৮০গৰাকী শিখ লোকে। আনহাতে আফগানিস্তানত বাস কৰা শিখ সকলক ভাৰতলৈ নিৰাপদে আনিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছে। তালিবানৰ দ্বাৰা শিখসকলক হত্যাৰ ভাবুকি দিয়াৰ পিছতে পঞ্জাৱৰ আকালি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী দলজিৎ সিং সীমাই এক প্ৰেছ বিজ্ঞপ্তি যোগে কয়, "এয়া এক গম্ভীৰ বিষয় আৰু ভাৰত চৰকাৰে ইয়াক গুৰুত্বসহকাৰে লৈ আফগানিস্তানৰ শিখ ভাই সকলক নিৰাপদে উদ্ধাৰ কৰা উচিত।" দলজিৎ সিং সীমাই লগতে আফগানিস্তানত তালিবানৰ দ্বাৰা শিখসকলৰ ওপৰত হোৱা আক্ৰমণৰ নিন্দা কৰি কয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে এই ক্ষেত্ৰত অতি সোনকালে পদক্ষেপ লোৱা উচিত।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|