ক্ৰাইম পেট্ৰ’ল চাই পৰিকল্পনাৰে শাহুক হত্যা , দৈনিক কাজিয়াত অতিষ্ঠ হৈ জঘন্য কাণ্ড বোৱাৰীৰ

বিয়াৰ পিছৰে পৰা বোৱাৰী প্ৰিয়ংকা আৰু শাহু বীনা দেৱীৰ মাজত ঘনাই মতানৈক্য হৈছিল। বোৱাৰীৰ অভিযোগ শাহুৱে মাকৰ ঘৰলৈও যাবলৈ দিয়া নাছিল।


Updated:May 12, 2019, 5:12 PM IST
ক্ৰাইম পেট্ৰ’ল চাই পৰিকল্পনাৰে শাহুক হত্যা , দৈনিক কাজিয়াত অতিষ্ঠ হৈ জঘন্য কাণ্ড বোৱাৰীৰ
বিয়াৰ পিছৰে পৰা বোৱাৰী প্ৰিয়ংকা আৰু শাহু বীনা দেৱীৰ মাজত ঘনাই মতানৈক্য হৈছিল। বোৱাৰীৰ অভিযোগ শাহুৱে মাকৰ ঘৰলৈও যাবলৈ দিয়া নাছিল।

Updated: May 12, 2019, 5:12 PM IST
ৰাজস্থানৰ সমীপৰ জয়পুৰৰ নৰ্থ জিলাত আৰক্ষীয়ে এক মাৰ্ডাৰ মিষ্ট্ৰিৰ ওপৰৰ পৰা পৰ্দা উঠোৱাৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শাহুৰ হত্যাকাৰী এগৰাকী বোৱাৰী আৰু তেওঁৰ তৃতীয় লিংগৰ সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত বোৱাৰীগৰাকীয়ে ক্ৰাইম পেট্ৰ’ল চাই শাহুৰ হত্যাৰ পৰিকল্পনা ৰচিছিল। দৈনিক শাহুৰ সৈতে মতানৈক্যত অতিষ্ঠ হৈ বোৱাৰীগৰাকীয়ে এই জঘন্য অপৰাধ সংঘটিত কৰে। শাহু–বোৱাৰীৰ কাজিয়া গৈ মাজে সময়ে হতাহতিলৈও ৰূপান্তৰ হৈছিল। এই অশান্তিৰ পৰা চিৰমুক্তি পাবলৈ বোৱাৰীয়ে নিজৰ কিন্নৰ বন্ধুৰ সৈতে গাৰুৰে হেঁচা মাৰি শাহুক হত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত প্ৰিয়ংকা নেগী ওৰফে পূজা মূলতঃ উত্তৰাখণ্ডৰ জীয়ৰি। আনহাতে তেওঁৰ কিন্নৰ সহযোগী সুজিত ওৰফে সুনীতা মুৰাদাবাদ, উত্তৰপ্ৰদেশৰ বাসিন্দা। তিনিবছৰ পূৰ্বে প্ৰিয়ংকাৰ বিয়া আমেৰ ৰোডৰ সুভাষ চ’কৰ বীনা দেৱী শৰ্মাৰ পুত্ৰ সঞ্জয় ওৰফে বাবলীৰ সৈতে হৈছিল। পলিঅ’গ্ৰস্ত হোৱাৰ কাৰণে প্ৰিয়ংকাৰ স্বামী সঞ্জয় দিব্যাংগ।

এইখন প্ৰিয়ংকাৰ দ্বিতীয় বিয়া আছিল, বিয়াৰ পিছতে শাহুৰ সৈতে সাংঘাতিক মতভেদ হ’বলৈ লৈছিল ন–বোৱাৰীৰ। অভিযুক্ত বোৱাৰীগৰাকীৰ মতে শাহুৱেকে তেওঁক কাৰোৰে লগত কথা পাতিবলৈ নিদিছিল। ঘৰৰ বাহিৰলৈ যাবলৈ নিদিছিল, আনকি বিয়াৰ পিছৰে পৰা মাকৰ ঘৰলৈও যাবলৈ দিয়া নাছিল শাহুৱেকে। এইবোৰ কথাতে প্ৰায়ে কাজিয়া হৈছিল দুয়োৰে মাজত।

বেয়া ব্যৱহাৰৰ কাৰণেই শাহুৱেকক হত্যাৰ পৰিকল্পনা কৰে প্ৰিয়ংকাই। একেটা ভৱনত ভাৰাত থকা এজন কিন্নৰৰ সৈতে এক আৱেগিক সম্পৰ্ক গঢ়ি নিজৰ অপৰাধৰ সংগী কৰি লৈছিল প্ৰিয়ংকাই। বিগত ২৮এপ্ৰিলত ঘৰৰ সকলো মানুহ শুই যোৱাৰ পিছত তেওঁক মুখ্য গেটেৰে ঘৰৰ তৃতীয় মহলালৈ মাতি আনিছিল প্ৰিয়ংকাই। ইয়াৰ পিছত বীনা দেৱীৰ শোৱনী কোঠাত প্ৰৱেশ কৰি তেওঁৰ মুখত গাৰুৰে হেঁচা মাৰি হত্যা কৰে। আৰক্ষীৰ আগত প্ৰিয়ংকাই ক্ৰাইম পেট্ৰ’ল চাই এই পৰিকল্পনা কৰাৰ কথা স্বীকাৰ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি