ভাৰতত পুতলা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় দক্ষতাপূৰ্ণ সকলো বস্তুৰ লগতে সামগ্ৰীও আছে | সেয়েহে সকলোকে একত্ৰিত কৰি আমি ভাৰতত এটা পুতলা ক্লাষ্টাৰ স্থাপনৰ কথা চিন্তা চৰ্চা কৰাৰ কথা উল্লেখ কৰে একুচ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ অৰবিন্দ মেলিগাৰীয়ে। ভাৰতত পুতলা প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় দক্ষতাপূৰ্ণ সকলো বস্তুৰ লগতে সামগ্ৰীও আছে | সেয়েহে সকলোকে একত্ৰিত কৰি আমি ভাৰতত এটা পুতলা ক্লাষ্টাৰ স্থাপনৰ কথা চিন্তা চৰ্চা কৰাৰ কথা উল্লেখ কৰে একুচ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ অৰবিন্দ মেলিগাৰীয়ে। পুতলা জাতীয় সামগ্ৰীৰ পৃথিৱীৰ এটা বিশেষ নামেই হৈছে একুচ। যিয়ে বিশ্বৰ কিছুমান জনপ্ৰিয় পুতলা উদ্যোগৰ বাবে কৰ্ণাটকৰ এটা কাৰখানাত বিশ্বব্যাপী জনপ্ৰিয় ছুপাৰহিৰো পুতলাৰ লগতে খেলিব পৰাকৈ ডাৰ্ট বন্দুক নিৰ্মাণ কৰে। সম্প্ৰতি ই ঘৰুৱা উদ্যোটোক আগুৱাই নিয়াৰ স্বাৰ্থতে ভাৰতত প্ৰথমটো টয় উৎপাদন ক্লাষ্টাৰ স্থাপন কৰাৰ দিশে আগবাঢ়িছে ।
৫০০ মিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগেৰে কৰ্ণাটকৰ কপ্পলত ৪০০ একৰ ভূমিত এটা বিশাল পুতলা উৎপাদন ক্লাষ্টাৰ নিৰ্মাণ কৰি আছে একুচ প্ৰাইভেট লিমিটেডে।
এই সম্পৰ্কে অৱগত কৰি একুচ লিমিটেডৰ অধ্যক্ষ অৰবিন্দ মেলিগাৰীয়ে কয়, "বিশ্বব্যাপী পুতলা উদ্যোগৰ বজাৰ হৈছে ৯০ বিলিয়ন মাৰ্কিন ডলাৰ। কিন্তু ভাৰতীয় বজাৰৰ আকাৰ প্ৰায় ১.৭ বিলিয়ন মাৰ্কিন ডলাৰ।"
"ভাৰতে প্ৰতি বছৰে ১.২ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ পুতলা আমদানি কৰে আৰু ইয়াৰে অধিকাংশই হৈছে চীনৰ পৰা আমদানিকৃত। সেয়েহে ভাৰতত ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে পুতলা ক্লাষ্টাৰটো নিৰ্মাণ কৰা হৈছে। লগতে তেওঁ কয় যে, চীনে বছৰি ২০ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ পুতলা আৰু মনোৰঞ্জন সামগ্ৰী ৰপ্তানি কৰি আহিছে ।
কোম্পানীটোৱে বিগত বৰ্ষত ৰাছিয়াৰ পৰা ব্ৰাজিললৈ বিয়পি থকা দেশসমূহলৈ ১০০ নিযুত মাৰ্কিন ডলাৰ মূল্যৰ পুতলা ৰপ্তানি কৰিছিল। একুচে সমগ্ৰ বিশ্বতেই সামগ্ৰী ৰপ্তানি কৰে যদিও মুখ্যতঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, লেটিন আমেৰিকা আৰু ইউৰোপলৈ কৰা ৰপ্তানিৰ হাৰ অধিক ।
ইপিনে ৬টা মাৰ্কিন পুতলা নিৰ্মাতা আৰু যোগানকাৰী সংস্থাই ইতিমধ্যে পুতলা ক্লাষ্টাৰত কাৰখানা স্থাপনৰ বাবে স্বাক্ষৰ কৰিছে বুলিও উল্লেখ কৰে একুচৰ অধ্যক্ষগৰাকীয়ে |
এই বছৰৰ জানুৱাৰীতে পুতলা ক্লাষ্টাৰৰ কাম আৰম্ভ হৈছিল। এই পুতলা উৎপাদন ক্লাষ্টাৰত ২৫ হাজাৰতকৈও অধিক প্ৰত্যক্ষ চাকৰিৰ লগতে ১ লাখ পৰোক্ষ চাকৰি সৃষ্টি কৰাৰ সম্ভাৱনা থাকিব।
Published by: Himangshu Bhuyan
First published: February 27, 2021, 10:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|