আবু ধাবি নেচনেল অইল কোম্পানী ((ADNOC) আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (RIL) মাজত আজি এক ব্যৱসায়িক চুক্তি সম্পন্ন হয়। আবু ধাবিৰ সৈতে হোৱা চুক্তি সম্পর্কে কোম্পানীটোৱে কয় যে আবু ধাবি নেচনেল অইল কোম্পানীৰ ৰুৱাইচ (Ruwais) পৰিযোজনাৰ এক অংশীদাৰ ৰূপে এতিয়াৰ পৰা কোম্পানীটো বৈশ্বিক মাত্ৰাত ব্যৱসায়ত চামিল হ'ব। কোম্পানীটোৱে ক্ল'ৰ-ক্ষাৰ (chlor-alkali), ইথিলিন ডাইক্লোৰাইড (ethylene dichloride) আৰু আবু ধাবিৰ ৰুৱাইছৰ টিএজেডআইজেড (TA’ZIZ )ত পলিভিনাইল ক্ল'ৰাইড (PVC) উৎপাদনত যোগদান কৰিবলৈ এক চুক্তিত স্বাক্ষৰ কৰে।
চুক্তিৰ চৰ্তাৱলী অনুসৰি, টিএজেডআইজেড আৰু ৰিলায়েন্সে এক একত্ৰিত কাৰখানা নিৰ্মাণ কৰিব, যি ৯৪০ হাজাৰ টন ক্ল'ৰ-ক্ষাৰ, ১.১ নিযুত টন ইথিলিন ডাইক্লোৰাইড আৰু বছৰি ৩৬০ হাজাৰ টন পলিভিনাইল ক্লৰাইড উৎপাদন কৰাৰ ক্ষমতাসম্পন্ন।
উল্লেখ্য, এই চুক্তি গুৰুত্বপূৰ্ণ ঔদ্যোগিক কেঁচা মালৰ বৰ্ধিত চাহিদাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু বিশ্বব্যাপী ঔদ্যোগিক আৰু শক্তি ক্ষেত্ৰতখনত দুয়োটা কোম্পানীক এক নেতৃত্বৰ শাৰীলৈ নিয়াৰ বাট মুকলি কৰিব। লগতে এই অংশীদাৰিত্বই সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE) আৰু ভাৰতৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী কৰিব।
এই উদ্যোগক আদৰণি জনাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক মুকেশ আম্বানিয়ে কয়– "ৰুৱাইছৰ টিএজেডআইজেডত বিশ্বমানৰ আৰু বিশ্বস্তৰৰ ৰাসায়নিক প্ৰকল্প স্থাপনৰ বাবে এডিএনঅ'চিৰ সৈতে অংশীদাৰিত্বত সংযুক্ত হৈ আমি ৰিলায়েন্স উৎসাহিত। এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিটোৱে এডিএনঅ'চিৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক শক্তিশালী কৰিব।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|