মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত এইবাৰ বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে আবু ধাবিৰ সংস্থা Abu Dhabi Investment Authority (ADIA), সংস্থাটোৱে ৰিলায়েন্সৰ ৰিটেইলত ৫,৫১২.৫কোটি টকা বিনিয়োগ কৰিব।
ৰিলায়েন্স ৰিটেইলৰ ১.২শতাংশ অংশীদাৰিত্বৰ বিনিময়ত ADIA–এ এই ধনৰাশি বিনিয়োগ কৰিব। উল্লেখ্য যে, ভাৰতৰ সৰ্ববৃহৎ ৰিটেইলাৰৰ প্ৰি–মানী ইকুইটি ভ্যেলু বৰ্তমান ৪.২৮৫লাখ কোটি টকা হৈছেগৈ। ৰিলায়েন্স ৰিটেইলে এইপৰ্যন্ত মুঠ ৩৭,৭১০কোটি টকা টকাৰ বিনিয়োগ লাভ কৰিছে চাৰি সপ্তাহৰো কম সময়ৰ ভিতৰত বিশ্বৰ আগশাৰীৰ বিনিয়োগকৰ্তা যেনে Silver Lake, KKR, General Atlantic, Mubadala, GIC, TPG আৰু ADIAৰ পৰা।
এই চুক্তি সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন তথা মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানীয়ে কয়, “আমি ADIAৰ এই সহযোগ আৰু বিনিয়োগক লৈ উৎসাহিত। যোৱা চাৰিটা দশক ধৰি সংস্থাটোৱে বিশ্বজুৰি মান সম্পন্ন সেৱাৰ যি ধাৰা অব্যাহত ৰাখিছে তাৰ দ্বাৰা আমি লাভান্বিত হম বুলি আশাবাদী। ৰিলায়েন্স ৰিটেইলৰ প্ৰদৰ্শন আৰু সামূহিক দৃষ্টিভংগীৰে নতুন ব্যৱসায়িক মডেল গঢ়ি তোলাৰ ক্ষেত্ৰত এই সহযোগিতা অনন্য হৈ ৰ’ব।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|