
ভাৰতৰ প্ৰথম ক্লাউড–বেছড ভিডিঅ’ কনফাৰেন্সিং এপ হৈছে JioMeet, যিটো বৰ্তমানলৈ ৫ মিলিয়নৰো অধিক গ্ৰাহকে ডাউনলোড কৰিছে। আম্বানীয়ে কয় – সংগঠিত খুচুৰা আৰু ডিজিটেল সেৱাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে আমাৰ ডিজিটেল পৰিসেৱাৰ ব্যৱসায় বিগত বছৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে।
‘Abu Dhabi Investment Authority’য়ে জিঅ’ত ১.১৬ শতাংশ ইক্যুইটিৰ বাবে ৫,৬৮৩.৫০ কোটি টকা বিনিয়োগ কৰিছে
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতো জিঅ’ৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। ৰিলায়েন্স জিঅ’ত এইবাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত ল’লে Abu Dhabi Investment Authorityয়ে। ‘Abu Dhabi Investment Authority’য়ে জিঅ’ত ১.১৬ শতাংশ ইক্যুইটিৰ বাবে ৫,৬৮৩.৫০ কোটি টকা বিনিয়োগ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ফালৰ পৰা দেওবাৰে জনোৱা হয় এই কথা।
- ইয়াৰ লগে লগে মাত্ৰ সাত সপ্তাহৰ ভিতৰত জিঅ’ত অষ্টমটো বৃহত্ বিনিয়োগ।
- ‘Abu Dhabi Investment Authority’য়ে জিঅ’ত ১.১৬ শতাংশ ইক্যুইটিৰ বাবে ৫,৬৮৩.৫০ কোটি টকা বিনিয়োগ কৰিছে জিঅ’ত।
- জিঅ’ত এতিয়ালৈকে মুঠতে ৯৭,৮৮৫ কোটি টকা বিনিয়োগ কৰিছে। বিনিয়োগকাৰী সকলৰ ভিতৰত আছে, ফেচবুক, মুবাডালা, ভিষ্টা ইক্যুইটি পাৰ্টনাৰ, ক’লকাতা নাইট ৰাইডৰ্ছ, জেনেৰেল আটলাণ্টিক আৰু আমেৰিকাৰ দুটা প্ৰতিষ্ঠান।
- Abu Dhabi Investment Authorityয়ে ১৯৭৬ চনৰ পৰাই আবু ধাবি চৰকাৰৰ হৈ ধন বিনিয়োগ কৰি আহিছে।
- প্ৰতিষ্ঠানটোৱে লংগ-টাৰ্ম ভেল্যু ক্ৰিয়েচনত গুৰুত্ব প্ৰদান কৰি আহিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|