প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) শুকুৰবাৰে কেদাৰনাথ ধামত উপস্থিত হৈ পূজা–অৰ্চনা কৰে। প্ৰধানমন্ত্ৰীয়ে কোটিটকীয়া উন্নয়নমূলক প্ৰকল্পৰো উদ্বোধন কৰে। এই আটাইবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল আদিগুৰু শংকৰাচাৰ্যৰ (Adi Shankaracharya) প্ৰতিমূৰ্তি উন্মোচন।
প্ৰধানমন্ত্ৰী মোদীয়ে শংকৰাচাৰ্যৰ সমাধিস্থলৰো শুভ উদ্বোধন কৰে। এই স্থান ২০১৩ চনত হোৱা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছিল। আচলতে শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আছে, যিয়ে এই কাৰ্যসূচীক অধিক গুৰুত্বপূৰ্ণ কৰি তোলে।
কেনেকৈ নিৰ্বাচন কৰা হৈছিল প্ৰতিমূৰ্তি?খবৰ অনুসৰি, আদি গুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ কেইবাগৰাকীও শিল্পীয়ে চেষ্টা কৰিছিল। প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে প্ৰায় ১৮টা আৰ্হি প্ৰস্তুত কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ সহমতত এটা আৰ্হি নিৰ্বাচন কৰা হয়। মহীসুৰৰ শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। গুৰুত্বপূৰ্ণ কথাটো হৈছে এই প্ৰতিমূৰ্তি কেৱল এটা শিলেৰে নিৰ্মাণ কৰা হৈছে।
৯জন শিল্পীৰ ১ বছৰৰ কঠোৰ শ্ৰমএবিপিৰ ৰিপ’ৰ্ট মতে, এই প্ৰতিমূৰ্তি নিৰ্মাণ কাম ২০২০ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা হৈছিল। প্ৰায় ৯জন শিল্পীৰ কঠোৰ শ্ৰমৰ ফলত আদিগুৰু শংকৰাচাৰ্যৰ এই ৰূপ তৈয়াৰ কৰা হৈছে। ছেপ্টেম্বৰ মাহত এই প্ৰতিমূৰ্তিটো চিনুক হেলিকপ্টাৰৰ সহায়ত উত্তৰাখণ্ডলৈ অনা হয়। শিল্পীৰ দলে এই প্ৰতিমাৰ বাবে এক বিশেষ শিল নিৰ্বাচিত কৰিছিল।
এই মূৰ্তিটোৰ উচ্চতা ১২ ফুট, ওজন ৩৫টন। শিল্পীসকলে আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তিত নাৰিকলৰ পানী ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত প্ৰতিমূৰ্তিটো উজ্জ্বল হৈ থাকিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|