‘ৰামলীলা শিশু পৰ্ণ’গ্ৰাফীৰ দৰে,সংখ্যালঘূৰ মনত ভয়ৰ সৃষ্টি কৰে’ অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে SC ৰ পাঁচগৰাকী অধিবক্তাৰ এজাহাৰ

এইবাৰ ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰিলে অভিনেতা প্ৰকাশ ৰাজে

News18-Assam
Updated:October 26, 2019, 12:18 PM IST
‘ৰামলীলা শিশু পৰ্ণ’গ্ৰাফীৰ দৰে,সংখ্যালঘূৰ মনত ভয়ৰ সৃষ্টি কৰে’ অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে SC ৰ পাঁচগৰাকী অধিবক্তাৰ এজাহাৰ
এইবাৰ ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰিলে অভিনেতা প্ৰকাশ ৰাজে
News18-Assam
Updated: October 26, 2019, 12:18 PM IST
প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোণাম দখল কৰে অভিনেতা প্ৰকাশ ৰাজে। এইবাৰ ৰামলীলাক শিশু পৰ্ণ’গ্ৰাফীৰ সৈতে তুলনা কৰিলে অভিনেতাজনে। অভিনেতা জনে কয় যে, ৰামলীলা শিশু পৰ্ণ’গ্ৰাফীৰ দৰে, ই দেশৰ সংখ্যালঘূৰ মনত ভয়ৰ সৃষ্টি কৰে। সেয়েহে তেওঁ ৰামলীলাক সমৰ্থন নকৰে। অভিনেতা প্ৰকাশ ৰাজৰ এনে মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই আহিছে বহুজন। হিন্দু ধৰ্মক আঘাত দিয়াৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ ৫ গৰাকী অধিবক্তাই অভিনেতাজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

অভিনেতা জনে কথাৰ প্ৰসংগত ৰামলীলাক বিৰোধীতা কৰি কয় যে, বৰ্তমান ৰামলীলাৰ আধুনিকীকৰণ হৈছে। ৰাম-সীতাৰ ঘটনা বৰ্তমান যিধৰণে উপস্থাপন কৰা হয়, সেয়া অত্যন্ত বেদনাদায়ক। গতিকে ৰামলীলা চাই থাকিলে শিশুৰ পৰ্ণগ্ৰা’ফী চাই থকা যেনহে লাগে। সেয়েহে যিদৰে শিশুসকলক লৈ পৰ্ণ’গ্ৰাফী তেওঁৰ পছন্দ নহয়, তেনেদৰে ৰামলীলাও তেওঁ পছন্দ নকৰে।

অভিনেতা জনৰ এই মন্তব্যৰ পিছতে এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। ছচিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলিছে বিষয়টো।

চাওক কি কৈছিল প্ৰকাশ ৰাজে

আৰু চাওক পৰৱৰ্তী বাতৰি