মানৱদৰদী অভিনতা চনু সুদে আৰম্ভ কৰিলে Network18 আৰু ফেডাৰেল বেংকৰ বিশেষ অভিযান “Sanjeevani”

Sanjeevani- A Shot of Life হৈছে ফেডাৰেল বেংকৰ এক চিএছআৰ অভিযান ৷ ইয়াৰ দ্বাৰা কোভিড১৯ টিকাকৰণৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্য সমূহ প্ৰতিগৰাকী ভাৰতীয়ৰ কাষলৈ লৈ যোৱা হ'ব।
Sanjeevani- A Shot of Life হৈছে ফেডাৰেল বেংকৰ এক চিএছআৰ অভিযান ৷ ইয়াৰ দ্বাৰা কোভিড১৯ টিকাকৰণৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্য সমূহ প্ৰতিগৰাকী ভাৰতীয়ৰ কাষলৈ লৈ যোৱা হ'ব।
- News18 Assam
- Last Updated: April 7, 2021, 4:07 PM IST
বিশ্ব স্বাস্থ্য দিৱসৰ দিনটোতে BSFৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানা আৰু মানৱ দৰদী অভিনেতা চনু সুদৰ উপস্থিতিত আৰম্ভ কৰা হয় Sanjeevani অভিযানৰ কোভিড টিকাকৰণ। পঞ্জাৱৰ আটাৰী সীমান্তত জোৱানসকলৰ এক চেল্যুৱেচন অনুষ্ঠানৰ মাজতে আৰম্ভ কৰা হয় এই অভিযানৰ।
আজিৰ এই বিশেষ অনুষ্ঠানতে নিজেই কোভিদ টীকা গ্ৰহণ কৰাি অভিনেতা চনু সুদে কয়, “মোৰ আজি সেই সময়(বিগত বছৰ)ৰ কথা মনত আছে, যেতিয়া প্ৰব্ৰজনকাৰীসকলে তেওঁলোকৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল। আমি কেৱল তেওঁলোকক শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছিলো। কিন্তু এতিয়া যিহেতু আমি কোভিদৰ বিৰুদ্ধে ভেকচিন লাভ কৰিছো, তেনেস্থলত যিয়ে আমাৰ কথা শুনি আছে সকলোকে আহ্বান জনাইছো কোভিড ভেকচিন লোৱাটো অতি গুৰুত্বপূৰ্ণ।"
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আৰম্ভ কৰা এই অভিযানৰ উদ্দেশ্য হৈছে কোভিড১৯-ৰ বিৰুদ্ধে টিকাকৰণৰ কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে সজাগতা সৃষ্টি কৰা ৷ আটাৰী সীমান্তৰ এই মুকলি অনুষ্ঠানত উপস্থিত থাকে ফেডাৰেল বেংকৰ পৰিচালন সঞ্চালক আৰু চিইঅ' শ্যাম শ্ৰীনিবাসনো।
Sanjeevani- A Shot of Life হৈছে ফেডাৰেল বেংকৰ এক চিএছআৰ অভিযান ৷ ইয়াৰ দ্বাৰা কোভিদ১৯ টীকাকৰণৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে প্ৰতিগৰাকী ভাৰতীয়ৰ কাষলৈ যোৱা । যাতে সকলোৱে টীকা লাভ কৰিব পাৰে আৰু এই বিষয়ে অৱগত হয় ৷
আনহাতে BSFৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানায়েও অনুষ্ঠানত ভেকছিন সন্দৰ্ভত কয় এনেদৰে “এজন নেতা হিচাপে আমি সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। প্ৰতিজন জোৱানে ভেকছিন গ্ৰহণ কৰিছে... মই ক’ব দিব বিচাৰো যে ৰাষ্ট্ৰৰ শত্ৰুৰ সৈতে যুঁজ দিয়াৰ পূৰ্বে আমাৰ স্বাস্থ্যৰ শত্ৰুৰ সৈতে যুঁজ দিয়াটো অধিক প্ৰয়োজনয ৷”
জোৱানসকলৰ অভিবাদন অনুষ্ঠানৰ মাজতে পঞ্জাৱৰ অমৃতসৰৰ ঐতিহাসিক আটাৰী সীমান্তৰ পৰা “Sanjeevani” টিকাকৰণ অভিযান আৰম্ভ হৈছিল আৰু 'Sanjeevani Gaadi'য়ে ৫খন ৰাজ্যত কোভিদ-১৯ ভেকছিনৰ বিষয়ে তথ্য প্ৰচাৰ কৰিব ৷ প্ৰথমে পঞ্জাৱৰ অমৃতসৰৰ পৰা এই অভিযান আৰম্ভ কৰি তাৰ পিছত ইন্দোৰ, নাছিক, গুন্টুৰ আৰু দক্ষিণ কানাড্ডাক সামৰি লোৱা হ’ব ।
দেশত কোভিদ টিকাকৰণৰ তৃতীয় পৰ্যায় আৰম্ভ হোৱাৰ লগে লগে ৪৫ বছৰৰ উৰ্ধৰ লোকসকলে যাতে মুক্তভাৱে ভেকছিন লাভ কৰিব পাৰে,তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। চৰকাৰে ক্ৰমান্বয়ে অন্যান্য বয়সৰ গোটৰ হিতাধিকাৰীসকলকো কোভিদ-১৯ৰ বিৰুদ্ধে টীকাকৰণ পৰিকল্পনা কৰিছে ৷ যাক বিশ্বৰ আটাইতকৈ ডাঙৰ টীকাকৰণ অভিযান বুলি জনা যায়।
এই উদ্যোগটোৱে বেচৰকাৰী সংগঠন, চৰকাৰী সংস্থা আৰু প্ৰভাৱশালীসকলৰ সৈতে সহযোগিতাৰে ভেকছিন সম্পৰ্কে চৌদিশে তথ্য প্ৰচাৰ কৰিব আৰু আটাইতকৈ বঞ্চিত আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ভাৰতীয়সকলক ভেকছিন উপহাৰ দিবলৈ দাতাসকলক তালিকাভুক্ত কৰিব ।
এই অভিযানৰ মহৎ পদক্ষেপটো হৈছে দেশৰ লোকসকলৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে মাত মতা, কিয়নো যদিহে প্ৰতিগৰাকী লোক সুৰক্ষিত নহয়, তেন্তে কোনো সুৰক্ষিত হৈ নাথাকিব ।
উল্লেখ্য যে এই অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং, এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়া, চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালা, নাৰায়ণ স্বাস্থ্যৰ অধ্যক্ষ দেৱী চেট্টী, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত, পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু, সীমান্ত সুৰক্ষা বাহিনী (BSF) সঞ্জয় জি গুপ্তা আৰু চিএনএনৰ মুখ্য চিকিৎসা সংবাদদাতা ড০ ৰাকেশ গুপ্তাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।
Tags- Amritsar,Coronavirus,Sanjeevani,Network18,Covid Vaccination,অমৃতসৰ,কোৰোণা ভাইৰাছ,নেটৱৰ্ক ১৮,কোভিদ ভেকচিন
Source- https://www.news18.com/news/india/network-18-federal-banks-initiative-sanjeevani-launched-sonu-sood-appeals-people-to-get-vaccinated-3614336.html