• Home
  • »
  • News
  • »
  • nation
  • »
  • Raj Babbar Sentenced to Jail : জনপ্ৰিয় অভিনেতা তথা কংগ্ৰেছ নেতা ৰাজ বাব্বৰক দুবছৰৰ কাৰাদণ্ড

Raj Babbar Sentenced to Jail : জনপ্ৰিয় অভিনেতা তথা কংগ্ৰেছ নেতা ৰাজ বাব্বৰক দুবছৰৰ কাৰাদণ্ড

 উল্লেখ্য যে এমাহৰ ভিতৰত জিলা আদালতত এই শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে।

উল্লেখ্য যে এমাহৰ ভিতৰত জিলা আদালতত এই শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে।

উল্লেখ্য যে এমাহৰ ভিতৰত জিলা আদালতত এই শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে।

  • Share this:
বলীউডৰ এসময়ৰ জনপ্ৰিয় অভিনেতা তথা কংগ্ৰেছ নেতা ৰাজ বাব্বৰক লক্ষ্ণৌৰ এম পি এম এল এ আদালতে ৮,৫০০ টকাৰ জৰিমনাসহ দুবছৰৰ কাৰাদণ্ড বিহিছে। অৱশ্যে, কাৰাদণ্ডৰ অলপ পিছতে তেওঁক ২০,০০০ টকাকৈ দুটা জামানত আৰু এটা ব্যক্তিগত বণ্ডত জামিন দিয়া হয়।

ৰাজ বাব্বৰক (Actor and politician Raj Babbar) চৰকাৰী কামত বাধা দিয়া আৰু আক্ৰমণ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। ৰায়দানৰ সময়ত ৰাজ বাব্বৰ আদালতত ( MP/ MLA court in Lucknow) উপস্থিত আছিল। ১৯৯৬ চনৰ ২ মে' তাৰিখে নিৰ্বাচন ভোটগ্ৰহণৰ দায়িত্বত থকা পোলিং বিষয়াই ৱাজিৰগঞ্জত এখন এজাহাৰ দাখিল কৰিছিল। ৰাজ বাব্বৰ তেতিয়া সেই সমষ্টিৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী আছিল।

ভোটদানৰ সময়ত পোলিং বিষয়াৰ ওপৰত আক্ৰমণৰ এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত তৰা হৈছিল এই গোচৰ। উল্লেখ্য যে এমাহৰ ভিতৰত জিলা আদালতত এই শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি