অভিনেতা ৰাহুল ভোহৰা ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে জীৱনৰ যুঁজত পৰাজিত হৈছে। তেওঁ দীৰ্ঘদিন ধৰি ক'ৰোনাৰ (কোভিড-19) সৈতে যুঁজি আছিল। তেওঁক নেটফ্লিক্সৰ ছবি 'আনফ্ৰীডম'ত দেখা গৈছিল।
অভিনেতাজনে তেওঁৰ মৃত্যুৰ কেইঘণ্টামান আগতে মানুহক সহায়ৰ বাবে আবেদন কৰিছিল। তেওঁ ফেচবুকৰ জৰিয়তে সহায়ৰ বাবে আবেদন জনাইছিল। থিয়েটাৰ পৰিচালক আৰু নাটক লেখক অৰবিন্দ গৌৰে ৰাহুলৰ মৃত্যু নিশ্চিত কৰে। তেওঁ ফেচবুকত ৰাহুলৰ মৃত্যুৰ খবৰ দিছিল।
ৰাহুলে এই কঠিন সময়ত জীৱনক ধৰি ৰাখিব নোৱাৰিলে, কিন্তু অভিনেতাজনে ফেচবুকত এটা পোষ্ট লিখি সহায়ৰ বাবে চূড়ান্ত আবেদন জনাইছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ক'ৰোনা সংক্ৰমিত হোৱাৰ পিছৰে পৰা অভিনেতাজনৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি হৈ আহিছিল। যেতিয়া কোনো বিকল্প নাছিল, অভিনেতাজনে ফেচবুকৰ জৰিয়তে সহায় পাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ জীৱন ৰক্ষা কৰিব নোৱাৰিলে। অভিনেতাজনৰ পোষ্টটো হৃদয় বিদাৰক।তেওঁ পোষ্টটোত টেগ কৰিছিল নৰেন্দ্ৰ মোদীকো। তেওঁ শেষ মুহূৰ্তলৈকে উন্নত চিকিৎসাৰ আশা কৰি আছিল, কিন্তু সেয়া নহ'ল।
ৰাহুল ভোহৰাৰ মৃত্যুৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিগ বছ খ্যাত কিশ্বৰ মাৰ্চেণ্টে লিখিছে: 'ৰাহুলৰ বাৰ্তাটো কালিয়েই যদি চনু সুদে পালেহেঁতেন... হয়তো আজি পৰিস্থিতি আন কিবা হ'লহেঁতেন। মই ৰাহুলৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনাইছো। এই কঠিন সময়ত ঈশ্বৰে তেওঁলোকক শক্তি দিয়ক'।
Published by: Kokil Sarma
FIRST PUBLISHED : May 10, 2021, 13:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।