• Home
  • »
  • News
  • »
  • nation
  • »
  • বাঙালীয়ে মাছ খোৱাক লৈ পৰেশ ৰাৱালৰ বিৰূপ মন্তব্য, বিপাকত পৰি বিচাৰিলে ক্ষমা

বাঙালীয়ে মাছ খোৱাক লৈ পৰেশ ৰাৱালৰ বিৰূপ মন্তব্য, বিপাকত পৰি বিচাৰিলে ক্ষমা

অভিযোগ উঠিছে যে গুজৰাটত এক নিৰ্বাচনী প্ৰচাৰ সভালৈ গৈ বাঙালীসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰে পৰেশ ৰাৱালে।

অভিযোগ উঠিছে যে গুজৰাটত এক নিৰ্বাচনী প্ৰচাৰ সভালৈ গৈ বাঙালীসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰে পৰেশ ৰাৱালে।

অভিযোগ উঠিছে যে গুজৰাটত এক নিৰ্বাচনী প্ৰচাৰ সভালৈ গৈ বাঙালীসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰে পৰেশ ৰাৱালে।

  • Share this:
গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত বাঙালীসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য পৰেশ ৰাৱালৰ। অভিনেতা পৰেশ ৰাৱালৰ মন্তব্যক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰেশ ৰাৱালৰ বিৰুদ্ধে জাতি বিদ্বেষৰ উচতনি দিয়াৰ অভিযোগ তুলিছে নেটিজেনসকলে। অৱশ্যে তেওঁৰ মন্তব্যৰ বাবে ক্ষমাও বিচাৰিছে অভিনেতাজনে।

অভিযোগ উঠিছে যে গুজৰাটত এক নিৰ্বাচনী প্ৰচাৰ সভালৈ গৈ বাঙালীসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰে পৰেশ ৰাৱালে। তেওঁ কয়, গুজৰাটৰ মানুহে মৃল্যবৃদ্ধি মানি ল’ব পাৰিব, কিন্তু ‘বাংলাদেশী অথবা ৰোহিংগ্যা’ যদি ঘৰৰ ওচৰত বসবাস কৰিবলৈ আৰম্ভ কৰে তেন্তে সেয়া কেতিয়াও মানি ল’ব নোৱাৰে।

যোৱা মঙলবাৰে গুজৰাটৰ বলছাৰত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল পৰেশ ৰাৱাল। সভাত তেওঁ কয়, ‘‘গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছে। এয়া ঠিক। কিন্তু সেই দাম কেতিয়াবা নহয় কেতিয়াবা কমিব। কিন্তু, কি হ’ব যদিয়ে ৰহিংগ্যাসকল, বাংলাদেশীসকলে আপোনালোকৰ চাৰিওফালে থাকিবলৈ আৰম্ভ কৰে। দিল্লীত যেনেকুৱা হৈছে। তেতিয়া গেছ চিলিণ্ডাৰ লৈ কি কৰিব? বাঙালীসকলক মাছ ৰান্ধি খুৱাব?’’

পৰেশ ৰাৱালৰ এই মন্তব্য ছচিয়েল মিডিয়াত বিয়পি পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি এটাৰ পিছত এটা টুইট চলি থাকে ছচিয়েল মিডিয়াত। ইয়াৰ পিছতে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰি টুইট কৰে পৰেশ ৰাৱালে।

টুইটত লিখিছে, ‘‘মাছক লৈ বিৰূপ মন্তব্য কৰিব বিচৰা নাই। কাৰণ, গুজৰাটীসকলেও মাছ ৰান্ধে আৰু খায়। মই আচলতে বাঙালী বুলি বাংলাদেশী আৰু ৰহিংগ্যাসকলক ক’ব বিচাৰিছিলো। তৎসত্ত্বেও যদি মই কাৰোবাৰ আবেগত আঘাত কৰিছো, ক্ষমা বিচাৰিছো।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি