সোনম ৱাংচুকক মনত আছে নে? থ্ৰী ইডিয়ট চিনেমাখনত আমিৰ খানে ৰূপায়ণ কৰা ফুংগচুক ৱাংগ্ৰু নামৰ চৰিত্ৰটোৰ আঁৰৰ মানুহজন। তেওঁ শেহতীয়াকৈ চীনা সামগ্ৰী বৰ্জন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনাইছে অভিনেতা–মডেল তথা অসমৰ জোঁৱাই মিলিন্দ সুমনে। সোনম ৱাংচুকক মনত আছে নে? থ্ৰী ইডিয়ট চিনেমাখনত আমিৰ খানে ৰূপায়ণ কৰা ফুংগচুক ৱাংগ্ৰু নামৰ চৰিত্ৰটোৰ আঁৰৰ মানুহজন। তেওঁ শেহতীয়াকৈ চীনা সামগ্ৰী বৰ্জন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনাইছে অভিনেতা–মডেল তথা অসমৰ জোঁৱাই মিলিন্দ সুমনে। লাডাখ সীমান্তত ভাৰতক ফেপেৰি পাতি ধৰা কপটীয়া চীনক ব্যৱসায়িক মাধমাৰ শোধাই উচিত উত্তৰ দিবলৈ আহ্বান জনাইছিল লাডাখৰ অভিযন্তা তথা থ্ৰী ইডিয়ট চিনেমাখনৰ আমিৰ খানে ৰূপায়ন কৰা ফুংচুক ৱাংগ্ৰুৰু নামৰ চৰিত্ৰটোৰ আঁৰৰ সঁচা ব্যক্তিজনে।
লাডাখৰ অভিযন্তা সোনম ৱাংচুকৰ এই ‘চীনা সামগ্ৰী বয়কট আন্দোলন’ৰ প্ৰতি সঁহাৰি জনাইছে বলিউদ অভিনেতা, চুপাৰ মডেল তথা অসমৰ জোঁৱাই মিলিন্দ সুমনে।
আজিৰে পৰা আৰু টিকটক ব্যৱহাৰ নকৰো, এই মন্তব্য কৰি চীনা এপটোক বৰ্জন কৰাৰ কথা ঘোষণা কৰে মিলিন্দ সুমনে। টিকটককে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক অনুৰাগী থকা মিলিন্দ সুমনে ৱাংচুকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লয়।
শিক্ষা সংস্কাৰক তথা অভিযন্তা গৰাকীৰ আহ্বানক পূৰ্ণ সমৰ্থন জনাই নিজৰ অনুৰাগী আৰু সমগ্ৰ দেশবাসীক টিকটক বৰ্জন কৰিবলৈ কয় মিলিন্দ সুমনে।
উল্লেখযোগ্য যে, সোনম ৱাংচুকে এটা ভিডিঅ’ বাৰ্তাযোগে দেশৰ সকলো নাগৰিকক এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত চীনা হাৰ্ডৱেৰ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল।
চীন আৰু ভাৰতৰ মাজত সীমা বিবাদক লৈ চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ পাছতে ৱাংচুকে এই বিশেষ ভিডিও বাৰ্তা দেশবাসীলৈ প্ৰদান কৰিছিল।
‘‘আমি চীনা সামগ্ৰী সমূহ ব্যৱহাৰ কৰি চীনক ব্যৱসায়িকভাৱে ধনৰ যোগান ধৰো আৰু তেওঁলোকে এই টকা সীমান্তত ব্যৱহাৰ কৰি আমাৰ বিৰুদ্ধে তেওঁলোকৰ সৈন্যক থিয় কৰাইছে,’’ ৱাংচুকে ভিডিও বাৰ্তাটোত কয়।
ৱাংচুকৰ ভিডিও বাৰ্তাটো ইতিমধ্যে যথেষ্ট ভাইৰেল হৈ পৰিছে।
First published: May 30, 2020, 15:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|