স্বামীৰ প্ৰচণ্ড চৰত কাণৰ পৰ্দা ফাটিল এইগৰাকী মডেল–অভিনেত্ৰীৰ! আৰক্ষীক দিলে গোচৰ

প্ৰথমে প্ৰেম, তাৰ পিছত বিবাহ আৰু এতিয়া বিচ্ছেদ! কাৰণ স্বামীৰ প্ৰচণ্ড চৰত কাণৰ পৰ্দা ফাটিল অভিনেত্ৰীগৰাকীৰ।

News18-Assam
Updated:November 6, 2019, 8:23 PM IST
স্বামীৰ প্ৰচণ্ড চৰত কাণৰ পৰ্দা ফাটিল এইগৰাকী মডেল–অভিনেত্ৰীৰ! আৰক্ষীক দিলে গোচৰ
প্ৰথমে প্ৰেম, তাৰ পিছত বিবাহ আৰু এতিয়া বিচ্ছেদ! কাৰণ স্বামীৰ প্ৰচণ্ড চৰত কাণৰ পৰ্দা ফাটিল অভিনেত্ৰীগৰাকীৰ।
News18-Assam
Updated: November 6, 2019, 8:23 PM IST
প্ৰথমে প্ৰেম, তাৰ পিছত বিবাহ আৰু এতিয়া বিচ্ছেদ! কাৰণ স্বামীৰ প্ৰচণ্ড চৰত কাণৰ পৰ্দা ফাটিল অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীৰ অভিযোগ, একেবাৰে সৰু কথাতে স্বামীয়ে প্ৰচণ্ড চৰ মাৰি কাণৰ পৰ্দা ফালি দিয়াৰ লগতে তেওঁক ঘৰৰ পৰাই বহিষ্কাৰ কৰে। অভিনেত্ৰী গৰাকীৰ নাম শ্বাতী মেহৰা। অভিনেত্ৰীগৰাকীয়ে এতিয়া স্বামীৰ বিৰুদ্ধে থানাত ৰুজু কৰিছে গোচৰ।

চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত অভিনেত্ৰী–মডেল শ্বাতী মেহৰা, কৰ্ণ শাস্ত্ৰী  নামৰ এগৰাকী অভিনেতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ২০১৮ চনত এখন ছবিৰ শ্বুটিঙৰ সময়ত প্ৰথমবাৰলৈ লগ পাইছিল দুয়ো দুয়োকে। শ্বাতীৰ অভিযোগ অনুসৰি বিবাহৰ পিছৰ পৰাই সৰু সৰু কথাতে মাৰপিট কৰে স্বামীয়ে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ এখন থানাত কৰ্ণৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। আৰক্ষীয়েও ইতিমধ্যে গোচৰৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি